গাজাত মানৱীয় সাহায্য বিতৰণ বন্ধ কৰি দিলে জি এইচ এফে
গাজা পট্টী, ০৪ জুন (হি.স.)। আমেৰিকা সমৰ্থিত গাজা হিউমেনিটেৰিয়ান ফাউণ্ডেচনে গাজাত মানৱীয় সাহায্য বিতৰণ বন্ধ কৰি দিছে। ইয়াৰ ফলত ভৱিষ্যতে পেলেষ্টাইনী নাগৰিকসকলৰ খাদ্য সংকট আৰু গভীৰ হোৱাৰ সম্ভাৱনা আছে। জি এইচ এফে ঘোষণা কৰিছে যে আজি কেন্দ্ৰসমূহৰ পৰা খা
दक्षिणी गाजा पट्टी के खान यूनिस में तीन जून की शाम तक जीएचएफ ने भोजन सामग्री और अन्य सामान का वितरण किया।


গাজা পট্টী, ০৪ জুন (হি.স.)। আমেৰিকা সমৰ্থিত গাজা হিউমেনিটেৰিয়ান ফাউণ্ডেচনে গাজাত মানৱীয় সাহায্য বিতৰণ বন্ধ কৰি দিছে। ইয়াৰ ফলত ভৱিষ্যতে পেলেষ্টাইনী নাগৰিকসকলৰ খাদ্য সংকট আৰু গভীৰ হোৱাৰ সম্ভাৱনা আছে। জি এইচ এফে ঘোষণা কৰিছে যে আজি কেন্দ্ৰসমূহৰ পৰা খাদ্য সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা নহ’ব। বন্ধ থাকিব সকলো বিতৰণ কেন্দ্ৰ।

ইজৰাইলৰ দ্য টাইমছৰ বাতৰি অনুসৰি বিতৰণ কেন্দ্ৰসমূহৰ চাৰিওফালে বাৰে বাৰে গুলীচালনাৰ বাবেই এই কাম কৰা হৈছে। জি এইচ এফে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীক বিতৰণ কেন্দ্ৰসমূহত নিৰাপত্তা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। বুধবাৰে জিএইচএফৰ সাহায্য বিতৰণ কেন্দ্ৰসমূহ চলিব নোৱাৰিব বুলি ঘোষণা কৰিছে।

ইফালে, আইডিএফে জনোৱা মতে, বৃহস্পতিবাৰে পুনৰ কাম আৰম্ভ কৰাৰ পূৰ্বে বিতৰণ স্থানসমূহলৈ নিৰাপদ প্ৰৱেশ পথ প্ৰস্তুত কৰা হ’ব। জি এইচ এফৰ এগৰাকী মুখপাত্ৰই কয় যে খাদ্যৰ বাকচ ল’বলৈ চেষ্টা কৰা পেলেষ্টাইনীসকলক একেৰাহে তৃতীয় দিনলৈ লক্ষ্য কৰি লোৱা হৈছে। আইডিএফৰ আৰবী ভাষাৰ মুখপাত্ৰইও এক বিবৃতি প্ৰকাশ কৰি পেলেষ্টাইনীসকলক সকীয়াই দিয়ে যে সাহায্য স্থানলৈ যোৱা পথত যাত্ৰা সাময়িকভাৱে নিষিদ্ধ কৰা হ’ব। এই পথসমূহ যুদ্ধক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande