নিউয়ৰ্ক, ০৩ জুন (হি.স.)। পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা পাকিস্তান পিপলছ পাৰ্টিৰ সভাপতি বিলোৱাল ভুট্টো জৰ্দাৰীয়ে কয় যে জম্মু-কাশ্মীৰ বিবাদৰ সমাধান ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ স্থায়ী সমাধানৰ বাবে এক অপৰিহাৰ্য চৰ্ত। ৯ জনীয়া সংসদীয় প্ৰতিনিধি দলৰ নেতৃত্ব দি থকা বিলৱালে চীনৰ এটা টিভি চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে বৰ্তমানৰ যুদ্ধবিৰতিৰ ফলত স্থায়ী শান্তি আহিব লাগে। পাকিস্তানৰ এছ’চিয়েটেড প্ৰেছৰ উদ্ধৃতিৰে এই খবৰ সম্প্ৰচাৰ কৰিছে পাকিস্তানৰ দুনিয়া নিউজ টিভি চেনেলে।
বিলোৱালে স্পষ্টকৈ কয় যে জম্মু-কাশ্মীৰ বিবাদৰ সমাধান নোহোৱাকৈ কোনো স্থায়ী সমাধান সম্ভৱ নহয়। বিলাৱালে কয় যে ভাৰতে ১৯৬০ চনৰ সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্তই উত্তেজনা বৃদ্ধি কৰিবলৈ গৈ আছে। এই সন্দৰ্ভত তেওঁ আন্তঃৰাষ্ট্ৰীয় সমাজক দুয়োখন দেশৰ মাজত আলোচনাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়।
তেওঁ কয় যে জম্মু-কাশ্মীৰ, আই ডব্লিউ টি আৰু সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ সৈতে কথা পাতিবলৈ পাকিস্তান সাজু। বিলোৱাল ভুট্টোৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য দেশসমূহৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰি ভাৰতৰ অপাৰেচন সিন্দুৰৰ পিছত পৰিস্থিতিৰ বিষয়ে অৱগত কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া