ডাবলিন, ০৫ জুন (হি.স.)। আয়াৰলেণ্ডৰ প্ৰতিষ্ঠিত ট্ৰিনিটি কলেজ ডাবলিনে বুধবাৰে ঘোষণা কৰে যে ইজৰাইলৰ সৈতে থকা সকলো শৈক্ষিক আৰু ব্যৱসায়িক সম্পৰ্কৰ অন্ত পেলাইছে। গাজাত ইজৰাইলৰ সামৰিক কাৰ্যকলাপ আৰু আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন উলংঘাৰ অভিযোগৰ প্ৰতিবাদত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ইজৰাইলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই কেম্পাছত ছাত্ৰ-ছাত্ৰীৰ অবিৰত আন্দোলন আৰু প্ৰতিবাদৰ পিছত বিশ্ববিদ্যালয় প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰে।
স্থানীয় সংবাদ মাধ্যমৰ মতে বিশ্ববিদ্যালয়ৰ ব’ৰ্ডে ছাত্ৰ-ছাত্ৰীসকললৈ ইমেইল প্ৰেৰণ কৰি জনাইছে যে ট্ৰিনিটি কলেজে আৰু কোনো ইজৰাইলী কোম্পানীৰে ব্যৱসায় নকৰে। ই ইজৰাইল ভিত্তিক সকলো কোম্পানীৰে মূলধনী বিনিয়োগ প্ৰত্যাহাৰ কৰিব আৰু ইজৰাইলৰ বিশ্ববিদ্যালয়ৰ সৈতে ছাত্ৰ আৰু অধ্যাপক বিনিময় কাৰ্যসূচীত কোনো নতুন চুক্তি নকৰে।
বিবৃতিটোত কোৱা হৈছে যে এই সিদ্ধান্ত লোৱা হৈছে “ইজৰাইলে আন্তঃৰাষ্ট্ৰীয় আৰু মানৱীয় আইন অবিৰত উলংঘা”ৰ প্ৰতি লক্ষ্য ৰাখি।
ছাত্ৰ-ছাত্ৰী আৰু মানৱ অধিকাৰ কৰ্মীসকলে এই সিদ্ধান্তক এক বৃহৎ জয় বুলি অভিহিত কৰিছে। একে সময়তে ইজৰাইল সমৰ্থক গোটসমূহে এই সিদ্ধান্তক সমালোচনা কৰি কয় যে ইয়াৰ ফলত শৈক্ষিক স্বাধীনতা আৰু আলোচনাৰ ক্ষতি হ’ব।
মন কৰিবলগীয়া যে ট্ৰিনিটি কলেজ ডাবলিন আয়াৰলেণ্ডৰ আটাইতকৈ পুৰণি আৰু প্ৰতিষ্ঠিত বিশ্ববিদ্যালয় আৰু ইয়াৰ সিদ্ধান্তক ইউৰোপত ইজৰাইল বিৰোধী শৈক্ষিক স্থিতি বৃদ্ধি পোৱাৰ চিন বুলি বিবেচিত হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া