নিউয়ৰ্ক/বেইৰুট, ০৫ জুন (হি.স.)। লেবাননত নিয়োজিত ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন বাহিনীৰ নতুন মুৰব্বী হিচাপে মেজৰ জেনেৰেল দেওদাটো আবাগনাৰাক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে ৰাষ্ট্ৰসংঘই। লেফটেনেণ্ট জেনেৰেল আৰল্ডো লাজাৰো ছায়েঞ্জৰ ঠাইত তেওঁ গ্ৰহণ কৰিব।
ইউনিফিলে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে এতিয়া আবাগনাৰাই এই গুৰুত্বপূৰ্ণ শান্তি অভিযানৰ নেতৃত্ব দিব, যিয়ে দক্ষিণ লেবাননত ইজৰাইল আৰু হিজবুল্লাহৰ মাজত যুদ্ধবিৰতি নিৰীক্ষণ কৰে।
যদিও ২০০৬ চনৰ যুদ্ধৰ পিছত আনুষ্ঠানিকভাৱে যুদ্ধবিৰতি স্থাপন কৰা হৈছে, তথাপিও ইজৰাইল আৰু হিজবুল্লাহৰ মাজত সীমা অতিক্ৰম কৰি আক্ৰমণ চলি আছে। প্ৰতিবেদন অনুসৰি ইজৰাইলে যোৱা কেইমাহমানৰ পৰা দক্ষিণ লেবাননত বিমান আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে, বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলক লক্ষ্য কৰি লৈছে, এই অঞ্চলসমূহক হিজবুল্লাহৰ দুৰ্গ বুলি গণ্য কৰা হৈছে।
ৰাষ্ট্ৰসংঘৰ এই অভিযানে ১৯৭৮ চনৰ পৰা আঞ্চলিক স্থিতিশীলতা বজাই ৰখাৰ বাবে কাম কৰি আহিছে আৰু বৰ্তমান ইয়াত ১০ হাজাৰতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় সৈনিক নিয়োজিত হৈ আছে। জটিল আৰু স্পৰ্শকাতৰ নিৰাপত্তা পৰিৱেশত শান্তি ৰক্ষা আৰু মধ্যস্থতাৰ দায়িত্ব ল’ব লাগিব নতুন প্ৰধান আবাগনাৰাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া