তামুলপুৰত বন্য হস্তীৰ গচকত প্ৰাণ গ’ল এগৰাকী লোকৰ
তামুলপুৰ, ০১ জুন (হি.স.)। তামুলপুৰৰ বগাজুলীৰ শালবাৰী গাঁৱত বন্য হস্তীৰ গচকত প্ৰাণ হেৰুৱালে এগৰাকী লোকে। নিহত লোক জনৰ নাম সনেশ্বৰ ব্ৰহ্ম (৭৫) বুলি জানিব পৰা গৈছে। জাকৰ পৰা ফালৰি কাটি অকলশৰীয়া দঁতাল হাতীটো লোক গৰাকীৰ ঘৰৰ বেৰ ভাঙি ধান খাই থকা সময়ত ট
তামুলপুৰত বন্য হস্তীৰ গচকত প্ৰাণ গ’ল এগৰাকী লোকৰ


তামুলপুৰ, ০১ জুন (হি.স.)। তামুলপুৰৰ বগাজুলীৰ শালবাৰী গাঁৱত বন্য হস্তীৰ গচকত প্ৰাণ হেৰুৱালে এগৰাকী লোকে। নিহত লোক জনৰ নাম সনেশ্বৰ ব্ৰহ্ম (৭৫) বুলি জানিব পৰা গৈছে।

জাকৰ পৰা ফালৰি কাটি অকলশৰীয়া দঁতাল হাতীটো লোক গৰাকীৰ ঘৰৰ বেৰ ভাঙি ধান খাই থকা সময়ত টৰ্চ জ্বলাই হাতীটো খেদিব খোজোঁতে ঘৰৰ ভিতৰৰ পৰা সনেশ্বৰ ব্ৰহ্ম নামৰ লোক জনক টানি আনি চোতালত গছকি নিহত কৰে। খঙাল দঁতাল হাতীটো লোক জনক গছকি মাৰি কেৱল ক্ষান্ত নাথাকি লোকজনৰ মৃতদেহ বাৰীৰ পুখুৰীত দলিয়াই পেলাই থৈ যায়।

নিশা প্ৰায় ১ মান বজাত সংঘটিত হয় ঘটনাটো। কিনকিনিয়া বৰষুণৰ মাজতে গাঁওখনত প্ৰৱেশ কৰিছিল হাতীৰ জাক এটা। ইপিনে, অতি স্পৰ্শকাতৰ অঞ্চলটোৰ লোকৰ দাবী চৰকাৰে অতি শীঘ্ৰেই বন বিভাগক প্ৰদান কৰক উপযুক্ত বাহন। বাহনৰ অভাৱত নিশা হাতী খেদিবলৈ আহিব নোৱাৰে বন বিভাগৰ লোক বুলি ক্ষোভ প্ৰকাশ অঞ্চলবাসীৰ। ঘটনাৰ পিছতে অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande