বজালীৰ ভৱানীপুৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
বজালীৰ ভৱানীপুৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ।
বজালীৰ ভৱানীপুৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা


বৰপেটা, ০১ জুন (হি.স.): বজালীৰ ভৱানীপুৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱাকালি বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ বেগী চাৰিচকীয়া বাহনে মহতিয়ালে এগৰাকী যুৱতীক ।

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সম্মুখত সংঘটিত হৈছে ভয়ংকৰ দূৰ্ঘটনাটো। এতিয়াও চিনাক্ত হোৱা নাই নিহত যুৱতী গৰাকী। সমগ্ৰ ঘটনা বন্দী হৈছে চিচি টিভি কেমেৰাত । যুৱতী গৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ ধৰোতেই মহতিয়ালে চাৰিচকীয়া বাহনখনে। বাহনৰ খুন্দাত চিটিকি ট্ৰাকৰ তলত সোমাল যুৱতী গৰাকী। যুৱতীগৰাকীৰ পোছাকলৈ লক্ষ্য় কৰি অধিবক্তা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande