নেপালঃ ৰাজতন্ত্ৰ সমৰ্থক প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা, প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী থাপাকে ধৰি বহুজন গ্ৰেপ্তাৰ
কাঠমাণ্ডু, ০১ জুন (হি.স.)। ৰাজতন্ত্ৰ সমৰ্থকৰ বিক্ষোভৰ চতুৰ্থ দিনা দেওবাৰে আৰক্ষীয়ে বল প্ৰয়োগ কৰি আন্দোলনৰ নেতৃত্ব দিয়া নেশ্যনেল ডেম’ক্ৰেটিক পাৰ্টিৰ একাংশ নেতাক গ্ৰেপ্তাৰ কৰে। ইফালে কাইলৈৰ পৰা এই আন্দোলন তীব্ৰতৰ কৰাৰ কথা ঘোষণা কৰিছে ৰাজতন্ত্ৰ সমৰ্থ
कमल थापा को गिरफ्तार करती पुलिस


কাঠমাণ্ডু, ০১ জুন (হি.স.)। ৰাজতন্ত্ৰ সমৰ্থকৰ বিক্ষোভৰ চতুৰ্থ দিনা দেওবাৰে আৰক্ষীয়ে বল প্ৰয়োগ কৰি আন্দোলনৰ নেতৃত্ব দিয়া নেশ্যনেল ডেম’ক্ৰেটিক পাৰ্টিৰ একাংশ নেতাক গ্ৰেপ্তাৰ কৰে। ইফালে কাইলৈৰ পৰা এই আন্দোলন তীব্ৰতৰ কৰাৰ কথা ঘোষণা কৰিছে ৰাজতন্ত্ৰ সমৰ্থকসকলে।

২৯ মে’ৰ পৰা দেশত ৰাজতন্ত্ৰ ঘূৰাই অনাৰ দাবীত আৰু হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ দাবীত চলি থকা আন্দোলন আজি উত্তাল হৈ পৰে যেতিয়া প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ দিশে আগবাঢ়িছিল। নিষিদ্ধ অঞ্চল হোৱাৰ বাবে তাত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। লগতে নিৰাপত্তাৰক্ষীৰ পহৰা শক্তিশালী কৰাৰ বাবে তিনিটা তৰপ বেৰিকেডিং কৰা হৈছে।

আৰক্ষীৰ নিৰাপত্তাৰক্ষীৰ ঘেৰাও ভাঙি নিষিদ্ধ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ফালে আগবাঢ়ি যাবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰে। ইয়াৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক লাঠিচালনা কৰাৰ লগতে একাংশ জ্য়েষ্ঠ নেতাক গ্ৰেপ্তাৰ কৰে।

কাঠমাণ্ডু আৰক্ষীৰ মুখপাত্ৰ এছ পি আপেল বহৰাই নিষিদ্ধ এলেকা ভংগ কৰাৰ অভিযোগত নেশ্যনেল ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা তথা প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী কমল থাপাকে ধৰি পাঁচজন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, আৰক্ষীয়ে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীগৰাকীক পথত টানি আনি আৰক্ষীৰ বাহনত বহুৱাই দিয়ে। ইয়াৰ মাজতে কমল থাপাই চৰকাৰৰ বিৰুদ্ধে শ্লোগান উত্থাপন কৰে।

এই গ্ৰেপ্তাৰৰ পিছত নেচনেল ডেম’ক্ৰেটিক পাৰ্টিৰ সভাপতি ৰাজেন্দ্ৰ লিংডেনে কাইলৈৰ পৰা কাঠমাণ্ডুত অধিক তীব্ৰ প্ৰতিবাদৰ কথা ঘোষণা কৰিছে। ধৃত নেতাসকলক যদি ততাতৈয়াকৈ মুকলি কৰি দিয়া নহয়, তেন্তে কাইলৈৰ পৰা কাঠমাণ্ডুত পথ অৱৰোধ কৰা হ’ব বুলিও তেওঁ কৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande