মছলাপাৰা গাওঁ পঞ্চায়তত নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আঞ্চলিক সমিতি গঠন
মছলাপাৰা গাওঁ পঞ্চায়তত নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPৰ ৩১ জনীয় এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হৈছে।
মছলাপাৰা গাওঁ পঞ্চায়তত নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আঞ্চলিক সমিতি গঠন


ধুবুৰী, ০১ জুন (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত মছলাপাৰাত যোৱাকালি শনিবাৰে নিশা অনুষ্ঠিত হয় এখন সভাখন। এই সভাতেই মছলাপাৰা গাওঁ পঞ্চায়তত নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ এনএএছএছপিৰ ৩১ জনীয় এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হৈছে।

এনএএছএছপিৰ আঞ্চলিক সমিতি গঠনাৰ্থে মছলাপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাজীৰ হাট বজাৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা উক্ত সাধাৰণ সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল বাৰেক ফকিৰ।বিশিষ্ট অতিথি হিচাপে কেন্দ্ৰীয় সমিতিৰ আইনী উপদেষ্টা অধিবক্তা আবুজাৰ গাফফাৰীৰ লগতে বিএছচি ৰুহুল আমিন, সংগ্ৰামী যুৱক আবু তালেপ, আনোৱাৰ হোছেন, নুৰ মহাম্মাদৰ উপৰিও সংগঠনটোৰ বহু কেইজন নেতা কৰ্মীৰ উপস্থিতিত গঠন কৰা হৈছে উক্ত আঞ্চলিক সমিতি। মছলাপাৰা আঞ্চলিক সমিতিৰ সভাপতি হিচাপে ছাদ্দাম হোছেন, সাধাৰণ সম্পাদক হিচাপে সাহাৰ আলী আৰু ছামাদ আলীক উপ সভাপতি হিচাপে দায়ীত্ব দি ৩১ জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা পৰিলক্ষিত হৈছে। অনাগত দিনবোৰত উক্ত আঞ্চলিক সমিতিখনে সমাজত নিষ্ঠাহকাৰে সাধাৰণ ৰাইজৰ কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি আব্দুল বাৰেক ফকিৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande