ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হিচাপে ৰঞ্জন শৰ্মাৰ শপত গ্ৰহণ
গুৱাহাটী, ০১ জুন (হি.স.)। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দেওবাৰে ৰাজভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰঞ্জন শৰ্মাক ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰোৱায়। ইয়াৰ পূৰ্বে অসম চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাই ৰাজ্যপালৰ পৰা অনুষ্ঠানৰ কাম-কাজ আৰম্ভ
ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হিচাপে ৰঞ্জন শৰ্মাৰ শপত গ্ৰহণ


গুৱাহাটী, ০১ জুন (হি.স.)। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দেওবাৰে ৰাজভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰঞ্জন শৰ্মাক ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰোৱায়।

ইয়াৰ পূৰ্বে অসম চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাই ৰাজ্যপালৰ পৰা অনুষ্ঠানৰ কাম-কাজ আৰম্ভ কৰিবলৈ অনুমতি বিচাৰিছিল।

শপত গ্ৰহণ অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব ড০ জে বি এক্কা, অতিৰিক্ত মুখ্য সচিব কল্যাণ চক্ৰৱৰ্তী, উপায়ুক্ত তথা ৰাজ্যপালৰ সচিব এছ এছ মীনাক্ষী সুন্দৰম, বিত্ত বিভাগৰ আয়ুক্ত তথা সম্পাদক বীৰেন্দ্ৰ মিট্টলকে ধৰি চৰকাৰৰ বহু উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande