শিৱসাগৰ, ০৩ জুন (হি.স.): জন্মগত ভাবে হৃদপিণ্ডৰ জটিল ৰোগত আক্ৰান্ত শিৱসাগৰৰ এজন যুৱকৰ উন্নত চিকিৎসাৰ বাবে সহৃদয়জনৰ সহায় বিচাৰিছে । প্ৰায় দুটা দশক ধৰি জীৱন আৰু মৃত্যুৰে যুঁজি থকা শিৱসাগৰৰ ঐতিহাসিক ধাইআলি সংলগ্ন আখৈফুটিয়াৰ ২ নং চাউলকৰা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক চৈয়দ আব্দুল বাচিত । যিটো বয়সত লৰা-ছোৱালীয়ে কান সমনীয়াৰ সৈতে খেলা-ধুলা কৰি অতিবাহিত কৰে, সেই বয়সত বাচিত জীয়াই থকাৰ তাড়নাত ঘুৰি ফুৰিব লগা হল চিকিৎসালয়ে চিকিৎসালয়ে ।
আখৈফুটিয়াৰ ২ নং চাউলকৰা গাঁৱৰ ই-ৰিস্কা চালক চৈয়দ আব্দুল অদুদ আৰু চৈয়দা নাজমা বেগমৰ জেষ্ঠ পুত্ৰ চৈয়দ আব্দুল বাচিত জন্মগত ভাবে হৃদপিণ্ডৰ এক জটিল ৰোগত আক্ৰান্ত। বাচিতৰ হৃদপিণ্ডৰ গঠন অস্বাভাৱিক । চাৰিটাকৈ চিদ্ৰ থকা বাচিতৰ হৃদপিণ্ডত সাধাৰণ মানুহৰ হৃদপিণ্ডত থকাৰ দৰে দুডাল ৰক্ত পৰিবাহী নলীৰ পৰিবৰ্তে আছে এডালহে ৰক্ত পৰিবাহী নলী । যি বাচিতৰ হৃদপিণ্ডৰ ৰোগটোক কৰি তুলিছে আৰু অধিক জটিল ।
প্ৰায় দুটা দশক ধৰি দৰিদ্ৰ পিতৃ-মাতৃয়ে বাচিতক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ৰ লগতে বহিৰাজ্যৰ চিকিৎসালয়টো চিকিৎসা কৰাই আহিছে যদিও লাভ কৰা নাই কোনো সু-ফল । বাচিতৰ স্বাস্থ্য দিনক দিনে বেয়াৰ ফালেহে গতি কৰিছে । এই সময়তে আশাৰ ৰেঙনী দেখুৱাই কলিকতাৰ এখন চিকিৎসালয়ে দুটামান জটিল অস্ত্ৰোপচাৰৰ অন্তত বাচিত সুস্থ হৈ উঠিব বুলি জানিবলৈ দিয়াত উৎফুল্লিত হৈ পৰা পৰিয়ালটো থমকি ৰ'ব লগা হৈছে ধনৰ অভাৱত । দুটা দশক ধৰি মৰমৰ পুত্ৰক জীয়াই ৰখাৰ দায়িত্ব পালন কৰা পিতৃ-মাতৃয়ে পুত্ৰৰ চিকিৎসাৰ বাবদ মাটি-বাৰী বেচি শেষ কৰিলে । ভেটিটোৰ বাদে আন একো নথকা উপায় বিহীন পৰিয়ালটোৱে এতিয়া পুত্ৰৰ জীৱন ৰক্ষাৰ বাবে অসমবাসী ৰাইজৰ ওচৰত বিচাৰিছে আৰ্থিক সাহায্য । যদি কোনো সু-হৃদয় ব্যক্তিয়ে চৈয়দ আব্দুল বাচিতলৈ চিকিৎসা সাহায্য আগবঢ়াব বিচাৰে তেন্তে মোবাইল নম্বৰ 9101479609 ত যোগাযোগ কৰিব পাৰে । অথবা ইণ্ডিয়ান বেংক শিৱসাগৰ শাখাৰAccount No : 7172530338IFSC : IDIB000S048 ত সাহায্য আগবঢ়াব পাৰে । সহৃদয়জনৰ কিঞ্চিত সহায়ে হয়তো যুৱক জনক দিব পাৰে এটা নতুন জীৱন ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ