–কাটিহাৰ মণ্ডলত দ্ৰুত ৰে’ল সেৱা আৰু উন্নত সময়ানুবর্তিতা
গুৱাহাটী, ০৪ জুন (হি স)। উত্তৰ-পূব সীমান্ত ৰেলৱেই যাত্ৰীসকলৰ সুবিধা আৰু ৰে’ল সেৱাৰ সময়ানুবর্তিতা উন্নত কৰাৰ লক্ষ্যে তাৰ নেটৱৰ্কৰ কিছুমান নিৰ্বাচিত ষ্টেচনত (১৪)খনৰেলৰ সময়সূচীত পৰিৱৰ্তন আনিছে। এই নতুন সংশোধিত সময়সূচী অনুসৰি ৫ জুনৰ পৰা এখন ৰে’ল, ৬ জুনৰ পৰা দুখন ৰে’ল আৰু ৭ জুন ২০২৫ তাৰিখৰ পৰাবাকী এঘাৰখন ৰে’লৰ বাবে নতুন সময়সূচী কাৰ্যকৰী হ’ব।
৫ জুন, ২০২৫ৰ পৰা কাৰ্যকৰী হ’ব:
ৰে’ল নং১৩১৬৯ (শিয়ালদহ–সহৰছা) হাটেবাজাৰে এক্সপ্ৰেছৰ সংশোধিত সময় একাধিক ষ্টেচনত সংশোধিত কৰা হৈছে। নতুন সময়সূচী অনুসৰি, এতিয়া ৰে’লখন ০৪:৫৫ বজাত একলাখীত উপস্থিত হ’ব আৰু ০৪:৫৭ বজাত যাত্ৰা কৰিব। একে ধৰণেছামচি, ভালুকা ৰোড, হৰিচন্দ্ৰপুৰ, কুমেদপুৰ, লাভা আৰু কাটিহাৰ ষ্টেচনকে ধৰি ষ্টেচনসমূহত বৰ্তমানৰ সময়সূচীৰ তুলনাত প্ৰায় ৮ৰ পৰা ১৫ মিনিট আগতীয়া সময়ত ট্ৰেনখন চলিব।
৬ জুন, ২০২৫ৰ পৰা কাৰ্যকৰী হ’ব:
ৰে’ল নং ১৩১৫৯(কলকাতা–যোগবানি) এক্সপ্ৰেছ আৰু ৰে’লনং১৫৯৬১(হাওড়া-ডিব্ৰুগড়) কামৰূপ এক্সপ্ৰেছ সংশোধিত সময় অনুসৰি চলিব।ৰে’ল নং ১৩১৫৯ৰ বাবে এতিয়া সামচীত আগমন আৰু প্ৰস্থান ক্ৰমে ০৫:২৩ আৰু ০৫:২৫ বজাত হ’ব আৰু হৰিচন্দ্ৰপুৰত নতুন সময় হ’ব ০৫:৫০ আৰু ০৫:৫২ বজাত, যি আগৰ সূচীতকৈ দুয়োটা ষ্টেচনতে প্ৰায় ১০ মিনিট আগতীয়া হ’ব।
৭ জুন, ২০২৫ৰ পৰা কাৰ্যকৰী: বাকী এঘাৰখন ৰে’ল এই তাৰিখৰ পৰা নতুন সময় অনুসৰি চলিব।
ৰে’ল নং ১৫৭২১ (দীঘা-নিউ জলপাইগুৰি) পাহাৰিয়া এক্সপ্ৰেছ এতিয়া ০৫:১৫ বজাত বাৰছৈত উপস্থিত হ’ব আৰু ০৫:১৭ বজাত প্ৰস্থান কৰিব। কিষানগঞ্জত সংশোধিত আগমন আৰু প্ৰস্থানৰ সময় ক্ৰমে ০৬:১০ আৰু ০৬:১২ বজা হ’ব। ৰে’লনং ১২৩৪৩ (শিয়ালদহ-হালদিবাৰী) দাৰ্জিলিং মেইল কিষাণগঞ্জ পৰাক্ৰমে ০৬:১৫ বজাত আৰু ০৬:১৭ বজাত, নিউ জলপাইগুৰি জংচনক্ৰমে০৭:৫০ আৰু ০৮:০৫ বজাৰ ভিতৰতআহিপাব আৰু প্ৰস্থান কৰিব । ৰে’লনং ১৩১৬৩ (শিয়ালদহ–সহৰছা) হাটেবাজাৰে এক্সপ্ৰেছ একলাখী, ছামচি, ভালুকা ৰোড,হৰিচন্দ্ৰপুৰ , কুমেদপুৰ, লাভা আৰু কাটিহাৰ ষ্টেচনৰ দৰে ষ্টেচনসমূহত সংশোধিত সময়সূচী মতে চলিব।
নিম্নলিখিত ৰে’লসমূহৰ নিৰ্দিষ্ট ষ্টেচনসমূহত সময়সূচী সংশোধন কৰা হ’ব। ইয়াৰ ভিতৰত আছে, ৰে’ল নং ১৩১৪৭ (শিয়ালদহ–বামনহাট) উত্তৰবঙ্গ এক্সপ্ৰেছ, ৰে’ল নং ১৩১৪৯ (শিয়ালদহ–আলিপুৰদুৱাৰ) কাঞ্চনকন্যা এক্সপ্ৰেছ, ৰে’ল নং ১৫৭২৪ (শিলিগুৰি টাউন–যোগবানী) ইন্টাৰচিটি এক্সপ্ৰেছ, ৰে’ল নং ১৫৬৫৭ (দিল্লী–কামাখ্যা) ব্ৰহ্মপুত্ৰ মেইল, ৰেল নং ১৫৯৫৯ (হাওড়া–ডিব্ৰুগড়) কামৰূপ এক্সপ্ৰেছ, ৰে’ল নং ১৩১৪৫ (কলকাতা–ৰাধিকাপুৰ) এক্সপ্ৰেছ, ৰেল নং ১২০৪১ (হাওড়া–নিউ জলপাইগুৰি) শতাব্দী এক্সপ্ৰেছ, আৰু ৰে’ল নং ১৩১৪৮ (বামনহাট–শিয়ালদহ) উত্তৰবঙ্গ এক্সপ্ৰেছ।
উল্লেখযোগ্য উদাহৰণসমূহৰ ভিতৰত আছে ৰে’ল নং ১৫৭২৪ (শিলিগুৰি টাউন–যোগবানী) ইন্টাৰচিটি এক্সপ্ৰেছ, যি এতিয়া ছালমাৰীত ২২:০৮ ঘণ্টাত উপস্থিত হ’ব আৰু ২২:১০ ঘণ্টাত যাত্ৰা কৰিব (পূৰ্বতে ২২:৩০ ঘণ্টা আৰু ২২:৩২ ঘণ্টা) আৰু ৰেল নং ১৩১৪৫ (কলকাতা–ৰাধিকাপুৰ) এক্সপ্ৰেছ, যি বাৰছৈৰ পৰা ০৪:২৩ ঘণ্টাৰ পৰিৱৰ্তে ০৪:১৩ ঘণ্টাত যাত্ৰা কৰিব। ৭ জুন ২০২৫ৰ পৰা কাটিহাৰ মণ্ডলত চলাচল কৰা ৰে’লসমূহৰ সময়সূচী ৮ৰ পৰা ৪৫ মিনিটলৈ ত্বৰান্বিত কৰা হৈছে, যাৰ ফলত সময়ৰ সময়ানুবর্তিতা বৃদ্ধি হৈছে আৰু যাত্ৰীসকলৰ বাবে সামগ্ৰিক যাত্ৰাৰ সময় হ্ৰাস পাইছে।
আন্তঃগাঁথনিৰ নিৰন্তৰ উন্নতিৰ লগে লগে উত্তৰ-পূৱ ৰে’লৱেই ৰে’লৰ গতি আৰু কাৰ্য্যকৰী দক্ষতা বৃদ্ধি কৰি যাত্ৰীসকলৰ বাবে অধিক দ্ৰুত, সুৰক্ষিত আৰু সময়মতে ভ্ৰমণৰ অভিজ্ঞতা নিশ্চিত হৈছে। যাত্ৰীসকলক নিজৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰে’ল অনুসন্ধান ব্যৱস্থাত (এনটিইএছ) বাস্তৱ সময়ৰ ভিত্তিত ৰে’ল চলোৱাৰ অৱস্থা আৰু সময়সূচীৰ সবিশেষ পৰীক্ষা কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া