গুৱাহাটী, ০৪ জুন (হি.স.)। বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় অসম কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। আজিৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বৈঠকৰ অন্তত এক সংবাদমেলৰ আহ্বান কৰি মুখ্যমন্ত্ৰী ড. শৰ্মাই ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰে।
তেওঁ জনায় যে কেবিনেটত কনকলতা বিশ্ববিদ্যালয়ৰ বাবে ৪০০ কোটি টকাৰ অনুমোদন জনোৱা হয়। গহপুৰত স্থাপন হ’ব কনকলতা বিশ্ববিদ্যালয়। বাগানৰ মাটি অধিগ্ৰহণ কৰা হ’ব বিশ্ববিদ্যালয়ৰ বাবে। ভূমি অধিগ্ৰহণ কৰা লোকসকলক সংস্থাপিত কৰা হ’ব। বিশ্ববিদ্যালয়খনৰ স্থাপনত বাগানৰ শ্ৰমিকক অগ্ৰাধিকাৰ দিয়া হ’ব। এতিয়াৰে পৰা অসমৰ জিলা এছ পিৰ পদসমূহ হ’ব এছ এছ পি। চিনিয়ৰ এছ পি হিচাপে পৰিচিত হ’ব এই পদসমূহ। আজিৰ কেবিনেটে বড়োলেণ্ডৰ বাবে ৮৪৩ কোটি টকাৰ পুঁজি অনুমোদন জনোৱা হয়। ৰাজ্যৰ গৱেষকসকলৰ বাবেও কেবিনেটে গ্ৰহণ কৰে এক বিশেষ সিদ্ধান্ত। ৰাজ্যৰ চৰকাৰী বিশ্ববিদ্যালয়ৰ গৱেষকসকলক ৰাজ্য চৰকাৰে ২৫,০০০ টকাৰ এককালীন সাহায্য আগবঢ়াব। অৱশ্যে, দিব্যাংগ গৱেষকসকলক প্ৰদান কৰা হ’ব ৪০,০০০ টকা। লাখপতি বাইদেউৰ সাহায্যৰ বাবে ৯ জুনত প্ৰকাশ পাব তালিকা। এই তথ্য সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে ১৪৫০ কোটি টকাৰ অনুমোদন জনাই অসম কেবিনেটে।
একেদৰে, গৌৰৱ গগৈৰ প্ৰসংগতো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, ‘ভাৰতীয় আৰু বিদেশীৰ মাজত যুদ্ধ হ’ব। পৰিয়ালৰ ৩জন বিদেশী আৰু এজন ভাৰতীয়। ভূপেন বৰা থকাহেঁতেন অলপ প্ৰতিদ্বন্দ্বিতা হ’লহেঁতেন। ১০ ছেপ্টেম্বৰৰ পাছত আৰু বহু প্ৰশ্নৰ উত্তৰ দিব লাগিব।’বিগত তিনিদিনত একো নহ’ল বুলি উল্লেখ কৰি তেওঁ কয়, ‘এটা বিশেষ সম্প্ৰদায়ক লৈহে গৌৰৱৰ সভাত চৰ্চা হ’ল। টুপি পিন্ধিব নে নিপিন্ধিব সেই লৈ হৈ চৰ্চা হ’ল গৌৰৱৰ সভাত।
আমাৰ ষ্ট্ৰেটেজি সদায় একে থাকিব। মোৰ দেউতা মুখ্যমন্ত্ৰী নাছিল, সংঘৰ্ষ কৰি কৰি মই আহিছোঁ। তেওঁ ঘৰত ভাত কেনেকৈ খায়?এখন কাঁহীত ভাৰতীয়ই ভাত খায়, তিনিখন কাঁহীত ব্ৰিটিছে ভাত খায়।’ ৰাহুল গান্ধীক ভোট দিয়া মানে পাকিস্তানক ভোট দিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ২০২৬ত কংগ্ৰেছৰ সৈতে বিজেপিৰ কোনো প্ৰতিদ্বন্দ্বিতাই নহয়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী