হোজাইত বানৰ কোবাল সোঁতত পৰি এজনৰ মৃত্যু
হোজাইত সংঘটিত হয় শোকাবহ ঘটনা।
হোজাইত বানৰ কোবাল সোঁতত পৰি এজনৰ মৃত্যু


হোজাই ৩ জুন (হি.স.): হোজাইত যোৱা কালি সোমবাৰে বিয়লি সংঘটিত হয় শোকাবহ ঘটনা। বানপানীৰ কৱলত পৰি মৃত্যু হয় এজন লোকৰ।এই ঘটনা সংঘটিত হয় হোজাইৰ হায়ং বুলাইত।

মৃত লোকজনৰ নাম নাৰায়ণ মল্লিক বুলি জানিব পৰা গৈছে। ওখ ঠাই বিচাৰি ৰে'ল আলিত যোৱাৰ সময়ত পানীৰ কোৱাল সোঁতত পৰি মৃত্যু হয় লোকজনৰ। ঘটনা সন্দৰ্ভত হোজাই আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande