কোকৰাঝাৰ, ০৩ জুন (হি.স.): কোকৰাঝাৰ ভাওৰাগুৰীত বনৰীয়া হাতীৰ আতংক বিৰাজ কৰিছে।
কচুগাওঁ বন সংমণ্ডলৰ অধীন তথা ভাওৰাগুৰী আৰক্ষী চকীৰ অন্তৰ্গত পাটিয়ালপাৰা, আহমেদপুৰ, টেংনাৰভিটা অঞ্চলত এটা বনৰীয়া হাতীয়ে ত্ৰাস সৃষ্টি কৰিছে। আজি ৰাতিপুৱাৰ ভাগতে গজৰাজৰ এনে অৱস্থানত গাওঁবাসী আৰু পথচাৰীৰ মাজত এক আতংকৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ