পাঠশালাত ডকাইতিৰ ঘটনা
পাঠশালাত ডকাইতিৰ ঘটনা।
পাঠশালাত ডকাইতিৰ ঘটনা


বজালী, ০৩ জুন (হি.স.): বজালীৰ পাঠশালাত যোৱা কালি সোমবাৰে বিয়লি ডকাইতিৰ ঘটনা সংঘটিত হয়। বজালীৰ শিঙিমাৰীৰ হৰেকৃষ্ণ ঠাকুৰীয়া নামৰ ব্যক্তি গৰাকীৰ স্কুটিৰ ডিকিৰ তলা ভাঙি চোৰে লৈ যায় ৬০ হাজাৰ টকা।

জানিব পৰা মতে ব্যক্তি গৰাকীয়ে ষ্টেট বেংকৰ পৰা উলিয়াইছিল ৭০ হেজাৰ টকা। ইয়াৰে ১০ হাজাৰ নিজৰ হাতত ৰাখি ৬০ হাজাৰ টকা স্কুটিৰ ডিকিত ৰাখিছিল। কিছু সময় পিছতে ঠাকুৰীয়াৰ বাহনৰ লক ভাঙি চোৰে লৈ যায় ৬০ হাজাৰ টকা। উক্ত ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পাঠশালাত । সমগ্ৰ চুৰিকাণ্ডৰ ঘটনা বন্দী হৈছে চিচিটিভি কেমেৰাত। ঘটনাস্থলীত ততালিকে উপস্থিত হয় পাঠশালা আৰক্ষী। আৰক্ষীয়ে চিচিটিভি কেমেৰাত প্ৰত্যক্ষ কৰি চোৰক কৰায়ত্ব কৰিব পাৰিবনে সেয়া লক্ষনীয় বিষয় হ'ব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande