ধুবুৰী, ০১ জুন (হি.স.)। বিগত দুটা দিনৰ ধাৰাবাহিক বৰষুণৰ ফলত অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বান।কৃত্ৰিম বানে বিপৰ্যস্ত কৰিছে জনজীৱন। অসমত গুৱাহাটীত কৃত্ৰিম বানে লৈছে জটিল ৰূপ।
কিন্তু প্ৰৱল বৰষুণে উজনিৰ পৰা নামনিলৈ বিভিন্ন প্ৰান্তত নমাইছে বান অথবা বানসদৃশ পৰিস্থিতিৰ।বহু স্থানত বানৰ ফলত বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ তথা পথ যাতায়াত ব্যৱস্থা।ইপিনে ধুবুৰী আৰু বঙাইগাওঁ জিলা সিমান্তৰ্বি চম্পা নৈৰ বাঢ়নী পানী বাঢ়ি আছে আৰু মানুহৰ মাজত এক হাহাকাৰ ময় পৰিস্তিতি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।সংকটত চাপৰ বহলপুৰৰ জালিকুৰা শেগুনঝাৰি আৰু কাছাৰিভিটা গাঁৱৰ ৰাইজ।চম্পা নৈৰ বাঢ়নী পানীয়ে যি কোনো মূহুৰ্ত্বত কেইবা খনো গাঁৱৰ ৰাইজক পেলাব পাৰে এক ভয়ংকৰ বিপদত।কিয় নো চাম্পা নৈয়ে কাল ৰুপ ধাৰণ কৰিলে গৰাখহনীয়াৰ তাণ্ডৱ ভয়ংকৰ হোৱা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ