শিৱসাগৰ, ০১ জুন (হি.স.)। কালি নিশা হঠাতে অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে শিৱসাগৰ জিলাৰ দিচাংমুখৰ সমগ্ৰ অঞ্চল বুৰাই পেলাইছে ৷ নিশা হঠাতে অহা বানে বহু লোকৰ সা-সম্পতি ক্ষতি সাধন হয়। উল্লেখ্য যে বাঢ়নী পানীৰ ফলত দিচাংমুখৰ সমীপৰ ৰৌমাৰী শ্লুইছ গেটখন ভাঙি পানী সোমোৱাৰ ফলত ৰাইজ ক্ষোভিত হৈছে। জলসম্পদ বিভাগৰ বিফলতাক ৰাইজে ধীক্কাৰ দিছে ৷
ছয় মাহ শুই বহি কটোৱা জলসম্পদ বিভাগৰ গাফিলতিৰ বাবেই আওপুৰণি শ্লুইছ গেটখন ভাঙি যায় ৷ ভাঙি যোৱা গেটখনৰ পৰা বৰ্তমান যি ধৰণে পানী সোমাই আছে কেই ঘণ্টা মানৰ পাছতেই সমগ্ৰ কোঁৱৰপুৰ মৌজা পানীত ডুব যোৱাৰ লগতে কৃষক সকলৰ খেতিৰ বিস্তৰ ক্ষতিসাধনৰ সম্ভাৱনাই দেখা দিছে ৷ এই ক্ষেত্ৰত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ