গুৱাহাটী মহানগৰীৰ সাউকুচিত উদ্ধাৰ যুৱকৰ মৃতদেহ
গুৱাহাটী, ০১ জুন(হি.স.)। গুৱাহাটী মহানগৰীৰ সাউকুচিত দেওবাৰে উদ্ধাৰ হৈছে এগৰাকী যুৱকৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ভগদত্তপুৰৰ কমলজিত কলিতাৰ বুলি জানিব পৰা গৈছে। ৩০ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছিল কমলজিত কলিতা নামৰ যুৱক গৰাকী। যুৱক গৰাকীক দুৰ্বৃত্তই হত্য়া
গুৱাহাটী মহানগৰীৰ সাউকুচিত উদ্ধাৰ যুৱকৰ মৃতদেহ


গুৱাহাটী, ০১ জুন(হি.স.)। গুৱাহাটী মহানগৰীৰ সাউকুচিত দেওবাৰে উদ্ধাৰ হৈছে এগৰাকী যুৱকৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ভগদত্তপুৰৰ কমলজিত কলিতাৰ বুলি জানিব পৰা গৈছে। ৩০ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছিল কমলজিত কলিতা নামৰ যুৱক গৰাকী।

যুৱক গৰাকীক দুৰ্বৃত্তই হত্য়া কৰাৰ সন্দেহ পৰিয়ালৰ সদস্যৰ। ঘটনাস্থলীত উপস্থিত আৰক্ষী।সকলো শুংসূত্ৰ সংগ্ৰহ কৰি আৰক্ষীৰ তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে মৃতদেহটো ইতিমধ্যে গুৱাহাটী চিকিতসা মহাবিদ্য়ালয়লৈ প্ৰেৰণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande