ধুবুৰী, ০১ জুন (হি.স.): অবৈধ ড্ৰাগছৰ বিৰুদ্ধে গোলোকগঞ্জ আৰক্ষীয়ে অভিযান চলায়। বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ সহ আটক কৰিলে দুজন ড্ৰাগছ মাফিয়াক। যোৱাকালি শনিবাৰে আবেলি এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে বিছনদৈ তৃতীয়খণ্ডৰ মিস্ত্ৰীটাৰীত চলাইছিল অভিযান।
অভিযানত ড্ৰাগছ সৰবৰাহ কৰিব অহা দুজন ড্ৰাগছ মাফিয়াক আটক কৰে। আটকাধীন ড্ৰাগছ মাফিয়া দুজনৰ পৰা আৰক্ষীয়ে ১৯ টাকৈ ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেনাৰ আৰু নম্বৰ প্লেট বিহীন আপাচী বাইক জব্দ কৰে। ধৃত ড্ৰাগছ মাফিয়া দুজন ক্ৰমে গৌৰীপুৰৰ নাইদেৰ গাঁৱৰ ছাইদুল হক (২৭) আৰু নুৰুল হক (২৯) বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ