গাজাত ১৩ মে’ত ধাৰাবাহিক বিমান আক্ৰমণত নিহত হামাছৰ নেতা মহম্মদ সিনৱাৰ: আইডিএফ
টেল আভিভ/গাজা, ০১ জুন (হি.স.)। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (আইডিএফ)য়ে নিশ্চিত কৰিছে যে ১৩ মে’ত গাজাৰ দক্ষিণ অঞ্চলৰ খান ইউনিছত অতি সঠিক বিমান আক্ৰমণত হামাছৰ জ্যেষ্ঠ নেতা মহম্মদ সিনৱাৰ নিহত হৈছিল। এই আক্ৰমণত ৩০ ছেকেণ্ডত ৫০ টাতকৈও অধিক বোমা নিক্ষেপ কৰা হ
হামাছ ৰাফাহ ব্ৰিগেডৰ অধিনায়ক মহম্মদ শ্বাবানা (বাওঁফালে) হামাছৰ নেতা মহম্মদ সিনৱাৰ (সোঁফালে)


টেল আভিভ/গাজা, ০১ জুন (হি.স.)। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (আইডিএফ)য়ে নিশ্চিত কৰিছে যে ১৩ মে’ত গাজাৰ দক্ষিণ অঞ্চলৰ খান ইউনিছত অতি সঠিক বিমান আক্ৰমণত হামাছৰ জ্যেষ্ঠ নেতা মহম্মদ সিনৱাৰ নিহত হৈছিল। এই আক্ৰমণত ৩০ ছেকেণ্ডত ৫০ টাতকৈও অধিক বোমা নিক্ষেপ কৰা হৈছিল।

আইডিএফৰ মতে, খান ইউনিছৰ ইউৰোপীয় চিকিৎসালয়ৰ তলত বিয়পি থকা হামাছৰ ভূগৰ্ভস্থ সুৰংগ নেটৱৰ্ক আৰু কমাণ্ড চেণ্টাৰক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰা হৈছে। এই আক্ৰমণত সিনৱাৰৰ উপৰিও ৰাফাহ ব্ৰিগেডৰ কমাণ্ডাৰ মহম্মদ শ্বাবানা আৰু দক্ষিণ খান ইউনিছ বেটেলিয়নৰ কমাণ্ডাৰ মাহদি কোৱাৰাও নিহত হয়। লগতে সেনাই দাবী কৰে যে সকলো ক্ষেপণাস্ত্ৰ সঠিক লক্ষ্যত আছিল আৰু চিকিৎসালয়খনৰ কোনো ক্ষতি হোৱা নাই।

এই নিশ্চিতকৰণৰ পিছত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে এক চোকা বিবৃতি প্ৰকাশ কৰে। তেওঁ কয়, এতিয়া আনুষ্ঠানিক হৈ পৰিছে যে হত্যাকাৰী মহম্মদ সিনৱাৰক ৰাফাহ ব্ৰিগেডৰ মুৰব্বী মহম্মদ শ্বাবানা আৰু তেওঁৰ সংগীসকলৰ সৈতে হত্যা কৰা হৈছে। তেওঁক নৰকৰ দুৱাৰত তেওঁৰ ভাতৃৰ ওচৰলৈ পঠিওৱা হৈছে।

কাটজে আৰু সকীয়াই দিয়ে যে, “হামাছৰ গাজা চহৰৰ অধিনায়ক ইজ্জ আল-দিন হাদ্দাদ আৰু বিদেশত বহি থকা নেতা খলিল আল-হায়া আৰু তেওঁৰ আন সংগীসকলো সাজু হ’ব লাগে, আপোনালোক পৰৱৰ্তী শাৰীত আছে।”

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande