গুৱাহাটী, ০১ জুন (হি.স.)। ৰাজ্যত ২০০৬ বা তাৰ আগতে স্থাপিত শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ খচৰা বিধেয়ক পৰ্যালোচনাৰ বাবে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট উপ-সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈ যায়।
আজিৰ বৈঠকত ইউ ডি আই এছ ই কোড, ছাত্র-ছাত্রীৰ নামভর্তি, সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা মাটিৰ দখল আৰু বিভিন্ন পর্যায়ৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ বাবে বিত্তীয় ব্যৱস্থাৰ দৰে মূল দিশসমূহৰ বিষয়ে আলোচনা কৰা হয়। মুখ্যমন্ত্রীয়ে বিধেয়কখন সোনকালে চূড়ান্ত কৰাৰ বাবে তথ্য পৰীক্ষণ আৰু আন্তঃবিভাগীয় সমন্বয় ক্ষিপ্ৰ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।
এই বৈঠকত শিক্ষামন্ত্ৰী ডা. ৰণোজ পেগু, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী কেশৱ মহন্ত , শিক্ষা সচিব নাৰায়ণ কোঁৱৰ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী