কোকৰাঝাৰৰ চেচাঁপানীৰ কমলাছোৰা গাঁৱত সন্দেহযুক্ত বাংলাদেশীৰ নামত হাৰাশাস্তিৰ অভিযোগ
পৰিয়ালৰ মাজত হাহাকাৰ ৷
কোকৰাঝাৰৰ চেচাঁপানীৰ কমলাছোৰা গাঁৱত সন্দেহযুক্ত বাংলাদেশীৰ নামত হাৰাশাস্তিৰ অভিযোগ


ভুক্তভোগী পৰিয়ালৰ কাষত বিপিএফৰ সজাঁতি দল

কোকৰাঝাৰ, ০৩ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ চেচাঁপানীৰ কমলাছোৰা গাঁৱত সন্দেহ যুক্ত বাংলাদেশীৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। এই বিষয়ে ভুক্তভোগী পৰিয়ালৰ কাষত যোৱা কালি সোমবাৰে উপস্থিত হয় বিয়লি বিপিএফৰ কেন্দ্রীয় সম্পাদক ড° ৰেজাওল কৰিমৰ নেতৃত্বত ফকিৰাগ্ৰাম ব্লক বিপিএফৰ এটি সজাতি দল।

বিপিএফৰ সজাঁতি দলে বিদেশীৰ নামত আটক হোৱা তিনি মহিলাৰ ঘৰে ঘৰে গৈ পৰিস্থিতিৰ বুজ লয় আৰু আইনি প্রক্রিয়াত সহায় সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বিপিএফৰ কেন্দ্রীয় সম্পাদক ড° ৰেজাওল কৰিমে সংবাদিকৰ আগত বিভিন্ন মন্তব্য কৰি বিদেশীৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ বন্ধ কৰাৰ আহ্বান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande