বাক্সা, ০১ জুন (হি.স.): একলা চলো' নীতিৰে বিটিআৰৰ ১০টা পৰিষদীয় সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু হৈছে অসম গণ পৰিষদ দল।বিটিআৰৰ নাগ্ৰীজুলি, পাচনৈ চৰফাং, ধনশ্ৰী, মুদৈবাৰী, দিহিৰা, থুৰিবাৰী, বাওখুংগ্ৰী সমষ্টিকে আদি কৰি ১০টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব দলটোৱে । যোৱাকালি শনিবাৰে বিয়লি গোৰেশ্বৰত এক সংবাদমেল যোগে এই কথা স্পষ্ট কৰিলে অগপ দলৰ বিটিআৰ নিৰ্বাচনৰ আহ্বায়ক পৰেশ চন্দ্ৰ বৈশ্যই ।
প্ৰতিটো জনগোষ্ঠীৰ সমমৰ্যদা, সমবিকাশ, সমঅধিকাৰ লগতে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষৰে বিটিআৰৰ শাসনৰ অংশীদাৰ হোৱাৰ পণ লৈছে অগপই । পূৰ্বৰে পৰা বিটিআৰৰ জনসাধাৰণে ৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্ব কমকৈ দি আহিছে বুলি মন্তব্য কৰে পৰেশ চন্দ্ৰ বৈশ্যই । বিটিআৰৰ আঞ্চলিক দলসমূহ একত্ৰিত হৈ শাসনৰ অংক্ষীদাৰ হ'লে জনগোষ্ঠীয় সমস্যা সমূহ সমাধান হ'ব বুলি দাবী কৰে অগপই । তদুপৰি অগপ দলে বিটিআৰৰ শাসনৰ অংশীদাৰ হ'লে ভূমিৰ সমস্যা সমাধান, বড়োলেণ্ডত অসমীয়া ভাষা আৰু অসমীয়া অস্তিত্ব সদৃঢ় কৰা লগতে অবড়ো গাঁও কৰ্তনৰ বিষয়ত ব্ৰজকণ্ঠে মাত মাতি যাব বুলি সংবাদমেলত উল্লেখ কৰে ।
ইপিনে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত গোৰেশ্বৰ বিধানসভা সমষ্টিত অগপ দলে প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে আশাবাদী বুলিও এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ