বিশ্বনাথ, ০৯ মে' (হি.স.)। বিগত ২০২১ চনতে চতিয়া আৰক্ষী থানা অধীনৰ গোসাঁই চাপৰিৰ ২৩ বছৰীয়া যুৱক বিশাল থাপাই পাঁচ বছৰীয়া এগৰাকী কনমানি কন্যাক যৌন নিৰ্যাতন চলাই এক লজ্জাজনক কু-কাণ্ড সংঘটিত কৰে । এই জঘন্য কাণ্ডৰ বিৰুদ্ধে শিশুটিৰ মাতৃৰ এজাহাৰ ভিত্তিত চতিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু হৈছিল।
এই গোচৰটোৰ তদন্তকাৰি বিষয়া আছিল সেই সময়ৰ চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পজিৎ শৰ্মা। আৰক্ষী বিষয়া গৰাকীৰ নিখুঁত তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত গোচৰটোৰ মূল অভিযুক্ত বিশাল থাপাক বিশ্বনাথৰ জিলা আদলতে সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে।পকচ' আইনৰ চেক্সন ৪/চাব চেক্সন ২ অধীনত বিশ্বনাথ জিলা আৰু সত্ৰ ন্যায়ধীশ ববীতা ক্ষেত্ৰী আদালে ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ১৫ হেজাৰ জৰিমনাৰ ৰাই প্ৰদান কৰিছে। এই গোচৰটোত চৰকাৰী অধিবক্তা (বিশেষ পক্সো) মৌচুমি বৰঠাকুৰ বৰুৱাই বিচাৰ প্ৰক্ৰিয়াত সহযোগ আগবঢ়াইছিল। বিশ্বনাথ জিলা আৰু সত্ৰ ন্যায়াধীশৰ এই ৰাই সকলোৱে আদৰণি জনাইছে।গোচৰটোৰ লগত জড়িত আৰক্ষী বিষয়া অধিবক্তা সকলকো অভিনন্দন জনাইছে সচেতন মহলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ