-ট্ৰেইনত আগ্নেয়াস্ত্ৰ উদ্ধাৰ
গুৱাহাটী, ০৯ মে’ (হি.স.)। সমগ্ৰ দেশতে ক্ৰমাৎ বৃদ্ধি পোৱা নিৰাপত্তাজনিত পৰিস্থিতিৰ মাজত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) ষ্টেচন, ৰে’ল আৰু ৰে’লৱে চৌহদত নিজৰ সুৰক্ষা ব্যৱস্থা উল্লেখযোগ্যভাৱে কঠোৰ কৰিছে। বৰ্তমানৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিস্থিতিত যাত্ৰীসকলৰ সুৰক্ষাক আৰু অধিক গুৰুত্ব প্ৰদান কৰি, শিশু সৰবৰাহ, মানৱ সৰবৰাহ, ড্ৰাগছ সেৱন, শিলগুটি নিক্ষেপ আৰু অন্যান্য অপ্ৰত্যাশিত ঘটনাৰ দৰে ভাবুকিসমূহৰ মোকাবিলা কৰাৰ বাবে সাজু হৈ আছে।
ৰেলৱে কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰ জৰিয়তে আৰপিএফে সমগ্ৰ ৰে'ল নেটৱৰ্কক সুৰক্ষা আৰু নজৰদাৰি সক্ৰিয়ভাৱে বৃদ্ধি কৰিছে। এই ব্যৱস্থাৰ ভিতৰত আছে চৰকাৰী ৰে’লৱে আৰক্ষী (জি আৰ পি) আৰু স্থানীয় আইন-প্ৰয়োগকাৰী সংস্থাসসমূহৰ সৈতে সমন্বিত যৌথ টহলদাৰী দি ৰে’ল ষ্টেচন আৰু ৰে'ল পথৰ লগতে সংলগ্ন এলাকাসমূহত সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰা।
সুৰক্ষা ব্যৱস্থা আৰু অধিক তীব্ৰ কৰাৰ অংশ স্বৰূপে, উত্তৰ-পূৰ্ব সীমান্ত ৰে’লৱেই জিলা প্ৰশাসন সমূহৰ সহযোগত গুৰুত্বপূৰ্ণ ৰে’ল ষ্টেচনসমূহত সফলভাৱে সমন্বিত মক ড্ৰিল সম্পন্ন কৰিছে। এই মক ড্ৰিল সমূহত বায়ু সংকেত (এয়াৰ চাইৰেন) আৰু অন্ধকাৰ (ব্লেকআউট প্ৰট’কল)সহ অন্যান্য উপাদান অন্তৰ্ভুক্ত আছিল, যাৰ মূল উদ্দ্যেশ্য আছিল জৰুৰীকালীন পৰিস্থিতিত প্ৰতিক্ৰিয়া জনাবলৈ প্ৰস্তুতি পৰীক্ষা আৰু অধিক উন্নত কৰা। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি, উত্তৰ-পূৰ্ব সীমান্ত ৰে’লৱেই মহিলা যাত্ৰীসকলৰ সুৰক্ষা আৰু অধিক শক্তিশালী কৰিবলৈ অপৰাধ বিৰোধী টহলদাৰী (এচিপি) ইউনিট আৰু মহিলা সুৰক্ষা দল মোতায়ন কৰিছে। অবৈধ কাৰ্যকলাপ দমন কৰাৰ লগতে সকলো ভ্ৰমণকাৰীৰ মৰ্যাদা আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দ্যেশ্যে সৰবৰাহ বিৰোধী অভিযানসমূহ আৰু অধিক তীব্ৰ কৰা হৈছে।
শেহতীয়া এক ঘটনাত ২০২৫ চনৰ ৮ মে’ত ৰে’ল নং ১৪৬২০ আপ (ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছ)ত নিয়মীয়া কৰ্তব্য পালন কৰাৰ সময়ত, উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে অতুলনীয় সতৰ্কতা প্ৰদৰ্শন কৰিছে। খালী ডবা পৰিদৰ্শনৰ সময়ত তেওঁলোকে ওপৰৰ বাৰ্থত দুটা গৰাকীবিহীন বেগ উদ্ধাৰ কৰে। তদন্তৰ পৰা পোৱা তথ্য মতে, বেগসমূহত ৮টা পিষ্টল আৰু ১৬ টা মেগজিন উদ্ধাৰ কৰে। ৰে’লৱে সুৰক্ষা বাহিনীৰ দলটোৱে তৎক্ষণাত আগ্নেয়াস্ত্ৰসমূহ সুৰক্ষিত কৰি আগৰতলাৰ আৰ.পি.এফ চকীত আইনী প্ৰক্ৰিয়া গ্ৰহণৰ বাবে হস্তান্তাৰিত কৰে। পিছত একে দিনাই ত্ৰিপুৰাৰ সঞ্চালক প্ৰধান (চোৰাংচোৱা)য়ে আগৰতলা ৰে’লৱে ষ্টেচনত পৰিদৰ্শন কৰি ঘটনাটোৰ আৰু সফল অগ্নেয়াস্ত্ৰ উদ্ধাৰৰ পৰ্যালোচনা কৰে। পৰিদৰ্শনৰ সময়ত, সঞ্চালক প্ৰধানে ব্যক্তিগতভাৱে ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱান অঞ্জন পাল আৰু অসীম আইচক ৰেলৱে সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত দ্ৰুত আৰু প্ৰভাৱশালী কাৰ্যাৱলীৰ বাবে প্ৰশংসা কৰিছে।
উত্তৰ-পূব সীমান্ত ৰেলৱে যাত্ৰীৰ সুৰক্ষা আৰু ৰে'লৱেৰ সম্পত্তিৰ সুৰক্ষা বৃদ্ধিৰ বাবে পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানসমূহৰ প্ৰতি সঁহাৰি জনাবলৈ সুৰক্ষা ব্যৱস্থাসমূহক শক্তিশালী কৰাৰ বাবে অবিৰত উন্নয়ন সাধন কৰা হৈছে। ৰে'লৱে সুৰক্ষা বাহিনীয়ে অতুত পৰিশ্ৰম আৰু জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি গভীৰ দায়বদ্ধতাৰে সকলো যাত্ৰীৰ বাবে সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য ৰে'লৱে পৰিৱেশ সুনিশ্চিত কৰাৰ বাবে নিয়মিতভাৱে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই আজি এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী