কোকৰাঝাৰ, ০৯ মে (হি.স.)। সমগ্ৰ দেশৰ লগতে আজি গোসাঁইগাঁৱতো সদৌ বিটিআৰ বাঙালী যুব-ছাত্ৰ ফেডাৰেচনৰ গোসাঁইগাঁও জিলা আৰু আঞ্চলিক সমিতিৰ উদ্যোগত গোসাঁইগাঁও বাৰোৱাৰী নাট মন্দিৰ প্ৰাঙ্গণত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৪ তম জন্ম-জয়ন্তী উদযাপন কৰা হয় ৷ পুৱা প্ৰভাত ফেৰীৰ অন্তত পতাকা উত্তোলন কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি বিজন কুমাৰ দে তথা সংগঠনৰ পতাকা উত্তোলন কৰে জিলা সভাপতি বিমলেন্দু দাসে ।
ইয়াৰ পাচত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে ইউ পি পি এলৰ কেন্দ্ৰীয় সম্পাদক ৰাজু নাৰ্জাৰী আৰু বিশিষ্ট নাগৰিক নিৰ্মল কুমাৰ পালে। পুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । পৌৰপতি অনিন্দ্য বসুমতাৰীয়ে উদ্বোধন কৰা শোভাযাত্ৰাই সমগ্ৰ চহৰ পৰিভ্ৰমন কৰি কবিগুৰুৰ গীতেৰে মুখৰিত কৰি তোলে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ মাজত তিনিটা শাখাত চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপুৰীয়া ১২ বজাত অনুষ্ঠিত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্মৃতিচাৰণ সভাৰ সভাপতিত্ব কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি বিজন কুমাৰ দে আৰু সভা উদ্বোধন কৰে স্থানীয় বিধায়ক জিৰন বসুমতাৰীয়ে ৷ সভা উদ্বোধন কৰি বিধায়ক বসুমতাৰীয়ে কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জীৱনৰ ওপৰত ভাষন আগবঢ়ায়। সভাত সংগঠনৰ কেন্দ্ৰীয় সম্পাদক শুভ মজুমদাৰ, অভ্যৰ্থনা সমিতিৰ কাৰ্য্যকৰী সভাপতি দেবাশীষ দে, সম্পাদক বিষ্ণু দত্তৰ লগতে কেইবাগৰাকী বিশিষ্ট অতিথি আৰু ৰাইজ উপস্থিত থাকে । সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।
ইপিনে আজি বিপিএফৰ গোসাঁইগাঁও জিলা সমিতিৰ উদ্যোগত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্মজয়ন্তী পালন কৰা হয়৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, কবিগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্জ্বলন আৰু কবিগুৰুৰ জীৱন দৰ্শনৰ ওপৰত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ