গুৱাহাটী, ০৯ মে' (হি.স.)। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তেদি ৰাজ্যবাসীলৈ কেইবাটাও আহ্বান জনাইছে। তেওঁ ৰাজ্যবাসীলৈ আহ্বান জনায় যে ৰাইজে যাতে অন্তৰ্নিহিত স্বাৰ্থ সম্বলিত ভুৱা বাতৰি প্ৰত্যাখ্যান কৰে।
মুখ্যমন্ত্ৰীয়ে লগতে অসমবাসী ৰাইজক আহ্বান জনায় কয় যে আমাৰ সেনা বাহিনীক দুৰ্বল কৰিবলৈ চেষ্টা কৰাসকলৰ বিৰুদ্ধে গোচৰ দাখিল কৰক ৰাইজে। আনহাতে চৰকাৰে এই সময়ত দিয়া সকলো নিৰ্দেশনা ৰাইজে যাতে পালন কৰে। তেওঁ পোষ্টটোত লিখে যে, ‘ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি দেশ ঐক্যবদ্ধ হৈ আছে৷ এক দায়িত্বশীল নাগৰিক হিচাপে আমাৰো দায়িত্ব পালন কৰোঁ আহক’।
ইফালে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে কাইলৈ চাৰিটা বৰ্ষ সম্পূৰ্ণ কৰিব। কিন্তু সম্প্ৰতি শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য কৰি এইবাৰ বৰ্ষপূৰ্তি অনুষ্ঠানটো কোনোধৰণৰ বিশেষ অনুষ্ঠানেৰে আয়োজন তথা উদযাপন কৰা নহয় বুলিও মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে জনায়। তেওঁ জনায় যে আনুষ্ঠানিক কাৰ্যসূচী হিচাপে এখন মাত্র সংবাদ মেল অনুষ্ঠিত কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী