চাপৰৰ ধীৰঘাট স্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
চাপৰ ধীৰঘাট স্থিত ১৭ নং ৰাষ্টীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
চাপৰৰ ধীৰঘাট স্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা


ধুবুৰী, ০৯ মে’ (হি.স.): ধুবুৰীৰ চাপৰৰ ধীৰঘাট স্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱাকালি বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে পিতা পুত্ৰৰ।

উল্লেখ্য় যে পিতা পুত্ৰই এখন চাৰি চকীয়া বাহনৰে বঙাইগাঁৱৰ পৰা ধুবুৰী লৈ গৈ থকা অৱস্থাত চাপৰ ধীৰঘাট স্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন অচিনাক্ত মাল বাহী বাহনে খুন্দা মাৰি বাহন খন পলায়ন কৰে। যাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ইপিনে দুৰ্ঘটনা স্থলিত চাপৰ যান বাহন শাখা আৰক্ষীয়ে উপস্থিত হৈ পিতা আৰু পুত্ৰক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande