ধুবুৰী, ০৯ মে' (হি.স.)। মুখ্যমন্ত্ৰীৰ আহ্বানত সহাৰি জনাই দেশৰ যুদ্ধকালিন পৰিস্থিতিৰ প্ৰতিলক্ষ্য ৰাখী অহা ২৩ আৰু ২৪ মেত ধুবুৰীত অনুষ্ঠিত হ'ব লগিয়া বহাগী উৎসৱৰ অনুষ্ঠান আজি বাতিল কৰে শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ পৰিচালনা সমিতিয়ে। লগতে অসমৰ সকলো
বিহু সমিতিক অনুষ্ঠান বাতিল কৰিবলৈও আহ্বান কৰে কমিটীৰ সদস্য সকলে । উত্তৰ পূৰ্বাঞ্চলত ইতিমধ্যেই ৰেড এলাৰ্ট ঘোষণা কৰাৰ পাছতেই ধুবুৰীৰ লগতে সমগ্ৰ অসম বা সতৰ্ক হবলৈ ও আহ্বান জনাই ধুবুৰীৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কমিটীৰ লোক সকলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ