বঙাইগাঁও, ০৯ মে' (হি.স.)।বঙাইগাঁও জিলাৰ কেৰখাবাৰীত মুকলি সাপ্তাহিক বজাৰ।কেৰখাবাৰী গাঁৱ বাসীৰ মুখত বিৰিঙিল স্বাৱলম্বীতাৰ হাঁহি। কেৰখাবাৰী লক্ষ্মী মন্দিৰ খেলপথাৰত সাপ্তাহিক বজাৰখনৰ আজি শুভাৰম্ভ কৰে অভয়াপুৰীৰ বিশিষ্ট সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠকে ।
এই বজাৰ খন স্বাৱলম্বনৰ দিশটো লগতে বজাৰখনত সকলো ধৰণৰ সামগ্ৰী উপলব্ধ হ'ব বুলি কয় ৰুদ্ৰ কুমাৰ পাঠকে। প্ৰত্যেক শুকুৰবাৰ আৰু মঙ্গল বাৰে এই বজাৰখনত উপলব্ধ হ'ব নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰী ৷ স্থানীয় ব্যৱসায়ীসকলেও এই বজাৰখনৰ পৰা এক নতুন দিগন্তৰ সূচনা হ'ব বুলি আশা প্ৰকাশ কৰিছে ৷ প্ৰথমবাৰৰ বাবে নিজস্বভাৱে এই সাপ্তাহিক বজাৰখন লাভ কৰি আনন্দিত হোৱাই নহয় গৌৰৱবোধো কৰিছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ