দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ ৫৮ সংখ্যক ৰঙালী বিহু সন্মিলন ১০ মে'ৰ কাৰ্যসূচী বাতিল কৰিছে উদ্যোক্তা সকলে
Assam, 9 মে (হি.স.)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০ মে'ৰ ভিতৰত বিহুৰ সকলো অনুষ্ঠান বন্ধ কৰিবলৈ সামাজিক মাধ্যমৰ যোগেদি আহ্বান জনোৱাৰ পিচত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিহু সমিতি সমূহৰ সঁহাৰি প্ৰদান । ৮ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা
দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ ৫৮ সংখ্যক ৰঙালী বিহু সন্মিলন ১০ মে'ৰ কাৰ্যসূচী বাতিল কৰিছে উদ্যোক্তা সকলে


Assam, 9 মে (হি.স.)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০ মে'ৰ ভিতৰত বিহুৰ সকলো অনুষ্ঠান বন্ধ কৰিবলৈ সামাজিক মাধ্যমৰ যোগেদি আহ্বান জনোৱাৰ পিচত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিহু সমিতি সমূহৰ সঁহাৰি প্ৰদান । ৮ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অইল ইণ্ডিয়া লিমিটেডৰ ৫৮ সংখ্যক ৰঙালী বিহু সন্মিলন ১০ মে'ৰ কাৰ্যসূচী বাতিল কৰিছে উদ্যোক্তা সকলে।

কিছু সময়ৰ পূৰ্বে উদ্যোক্তা সকলৰ অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে। আজি উদ্যোক্তা সকলে হুঁচৰি বিহু আৰু মৌ-কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande