লক্ষীমপুৰ,০৯ মে (হি.স.)। আনুষ্ঠানিকতা ৰক্ষা কৰি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰৰ ম'হঘুলি চাপৰিত অনুষ্ঠিত হৈছে ঐতিহ্যমণ্ডিত ফাটবিহু।
চলিত বৰ্ষৰ ৯,১০ আৰু১১মে' তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ফাটবিহু উদযাপনৰ কথা আছিল যদিও ভাৰত-পাকিস্তান উত্তেজনাময় পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সকলোবোৰ অনুষ্ঠান অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
সেই অনুসৰি পুৱা ১০ বজাত পতাকা উত্তোলনেৰে ফাটবিহুৰ শুভাৰম্ভ কৰে সভাপতি বসন্ত শইকীয়াই। সভাপতিজনে উক্ত অনুষ্ঠানতে পেহেলগামৰ নাৰকীয় কাণ্ডত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি জনায়। তাৰ পাছতে ফাটবিহুৰ স্থায়ী প্ৰতীক উন্মোচন কৰি বিহুদল সমূহলৈ আদৰণি জনায়। সভাপতিজনে লগতে প্ৰয়োজনত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিবৰ বাবে ঢকুৱাখনাবাসী ঐক্যবদ্ধ হৈ ওলাই আহিব বুলি মত প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা