–এঘণ্টীয়া ধৰ্ণাৰে উত্তাল কৰি তোলে বাগিছাৰ চৌহদ
শিৱসাগৰ, ০৯ মে’ (হি.স.): আজি পুৱা ভাগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নাজিৰা শাখাৰ উদ্যোগত লিগিৰীপুখুৰী প্ৰাথমিক গোট আৰু স্থানীয় চাহ শ্ৰমিকৰ সহযোগত এঘণ্টীয়া এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।
বাগিচাখনত দীৰ্ঘদিন ধৰি খালি হৈ থকা বিভিন্ন পদত চাহ জনগোষ্ঠীয় শিক্ষিত নিবনুৱা যুৱক - যুৱতীক নিযুক্তি দিয়া, অৱসৰ গ্ৰহণ কৰা শ্ৰমিক - কৰ্মচাৰীৰ ভৱিষ্যতনিধিৰ ধন তিনি মাহৰ ভিতৰত মুকলি কৰি দিয়া , চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা , বাগিচাৰ চিকিৎসালয়খন উন্নত কৰি ঔষধকে ধৰি শ্ৰমিকৰ চিকিৎসাৰ ব্যৱস্থা উন্নত কৰা, বিশুদ্ধ খোৱাপানীৰ সু-ব্যৱস্থা কৰা, জৰাজীৰ্ণ আৱাসগৃহ সমূহ উন্নত পদ্ধতিৰে পকী কৰি নিৰ্মাণ কৰা, অনুজ্ঞাপত্ৰ থকা বাগিচাৰ গাড়ী চালকৰ চাকৰি নিয়মীয়াকৰণ কৰা আদি দাবীকে ধৰি চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ধৰ্ণাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পিছত আটছাৰ নাজিৰা শাখাৰ সভাপতি আৰু সম্পাদকৰ স্বাক্ষৰে বাগিচাৰ কাৰ্যবাহী পৰিচালকক এখন স্মাৰক পত্ৰ প্ৰদান কৰি শীৰ্ঘ্ৰে দাবীসমূহ কাৰ্যকৰী কৰিবৰ বাবে দাবী জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ