গোৱালপাৰাত বজ্ৰপাতত এজনৰ কৰুণ মৃত্যু
গোৱালপাৰাত বজ্ৰপাতত এজনৰ কৰুণ মৃত্যু।
গোৱালপাৰাত বজ্ৰপাতত এজনৰ কৰুণ মৃত্যু


গোৱালপাৰা, ০৯ মে’ (হি.স.): গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত বাকাইটাৰী নবিলাবড়ী গাঁৱৰ বিপুল ৰয় (৬৫) নামৰ এজন লোকৰ বজ্ৰপাত হোৱাৰ ফলত মৃত্যু হয়। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত অহা বৰষুণৰ বৰষুণৰ সময়তে সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো।

জানিব পোৱা অনুসৰি নিজ বাসগৃহত গোহালিত গৰু বান্ধি থকা সময়ত হঠাতে মেঘৰ গৰ্জনিত বজ্ৰপাত পৰি মৃত্যুক সাৱটি লয় ৬৫ বছৰীয়া লোক গৰাকীয়ে। ঘটনাৰ পিছতে ততালিকে মাটিয়া চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে, যাৰ ফলত সমগ্ৰ অঞ্চলটোতে শোঁকৰ ছাঁ পৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande