কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদ্ যাপন সমিতিয়ে বাতিল কৰিছে বিহু উৎসৱ
হোজাই, ০৯ মে' (হি.স.)। ভাৰত পাকিস্তান সীমান্তত সৃষ্টি হোৱা যুদ্ধৰ পৰিৱেশ তথা সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিহু উদ্ যাপন সমিতিলৈ জনোৱা আহ্বানক সন্মান ও সঁহাৰি জনাই অবিভক্ত নগাঁও জিলাৰ তথা বৰ্তমান হোজাই
কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদ্ যাপন সমিতিয়ে বাতিল কৰিছে বিহু উৎসৱ


হোজাই, ০৯ মে' (হি.স.)। ভাৰত পাকিস্তান সীমান্তত সৃষ্টি হোৱা যুদ্ধৰ পৰিৱেশ তথা সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিহু উদ্ যাপন সমিতিলৈ জনোৱা আহ্বানক সন্মান ও সঁহাৰি জনাই অবিভক্ত নগাঁও জিলাৰ তথা বৰ্তমান হোজাই জিলাৰ অন্যতম কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদ্ যাপন সমিতিয়ে বাতিল কৰিচে বিহু উৎসৱ।

অহা ১২ আৰু ১৩ মে'ত ৰঙালী বিহুৰ কাৰ্যসূচী আছিল গামখাৰুৰ। ২৭ তম বৰ্ষত ভৰি দিয়া কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদ্ যাপন সমিতিৰ ১২ মে'ৰ দিনা সদৌ অসম ভিত্তিত বিহু প্ৰতিযোগিতা আৰু ১৩ মে'ৰ দিনা জুৱলী বৰুৱাৰ সাংস্কৃতিক অনুষ্ঠান আছিল।ইতিমধ্যে,অনুষ্ঠান বাতিলক লৈ উদ্ যাপন সমিতিখনে প্ৰকাশ কৰিছ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande