আগৰতলাত ৰেলৰ ডবাত ৮টা পিস্তল আৰু ১৬ টা খালি ম্যাগাজিন উদ্ধাৰ
আগৰতলা,০৯ মে (হি.স.)। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত উদ্ধাৰ কৰা হৈছে ৮টা পিস্তল আৰু ১৬ টা খালি ম্যাগাজিন । গোপন খবৰৰ ভিত্তিত আগৰতলা ৰেল ষ্টেচনত থকা পাঞ্জাবৰ ফিৰোজপুৰৰ পৰা আগৰতলালৈ অহা এখন ৰেলৰ ডবাত তালাচী চলাই ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে দুটা বেগৰ পৰা ৮টা
আগৰতলাত ৰেলৰ ডবাত ৮টা পিস্তল আৰু ১৬ টা খালি ম্যাগাজিন উদ্ধাৰ


আগৰতলা,০৯ মে (হি.স.)। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত উদ্ধাৰ কৰা হৈছে ৮টা পিস্তল আৰু ১৬ টা খালি ম্যাগাজিন । গোপন খবৰৰ ভিত্তিত আগৰতলা ৰেল ষ্টেচনত থকা পাঞ্জাবৰ ফিৰোজপুৰৰ পৰা আগৰতলালৈ অহা এখন ৰেলৰ ডবাত তালাচী চলাই ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে দুটা বেগৰ পৰা ৮টা পিষ্টল।

যদিও বেগবোৰৰ গৰাকী কোন আছিল, তাৰ সন্ধান পোৱা হোৱা নাই। আনহাতে, এই পিষ্টলবোৰ কিহৰ উদ্দেশ্যে অনা হৈছিল সেইবিষয়ে বৰ্তমানো স্পষ্ট হোৱা নাই, যদিও আৰক্ষীৰ তদন্তত সকলো কথা পোহৰলৈ আহিব। অভিযানত অংশ লৈছিল আৰ.পি.এফ-ৰ অতিৰিক্ত সচিব বি. কে. সিনহা আৰু জি.আৰ.পি.এফ-ৰ দায়িত্বপ্ৰাপ্ত বিষয়া তাপস দাস। বর্তমানে অভিযান অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande