কামৰূপ,০৯ মে (হি.স.)। নিশা আমিনগাঁওৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখী কয়লা ভৰ্তি ট্ৰেইলাৰে দিভাইডাৰত খুণ্ডা মৰাত ঘাইপথতে বাগৰি পৰে । ফলত পুৱাৰ ভাগত তীব্ৰ যান-যতৰ সৃষ্টি হয় আমিনগাঁওৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ।
প্ৰত্যক্ষদৰ্শিৰ ভাষ্য় অনুসৰি অধিক সুৰাসক্ত অৱস্থাত আছিল ট্ৰেইলাৰ খনৰ চালক গৰাকী ।
আনহাতে ট্ৰেইলাৰ খনৰ গতিবেগ ইমানই তীব্ৰ আছিল যে ইঞ্জিনটো খুলি গৈ বিপৰীত দিশত আহি থকা আনএখন বাহনত খুণ্ডা মাৰে । ফলত বাহন খনৰ চালক গৰাকী ভৰিত আঘাত প্ৰাপ্ত হয় । ঘটনাস্থলীত আমিনগাঁও আৰক্ষী উপস্থিত হৈ আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে দুৰ্ঘটনাগ্ৰস্থ বাহনসমূহ আঁতৰোৱাৰ ব্যৱস্থা কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা