শিৱসাগৰ, ০৯ মে’ (হি.স.): বক্সাৰ তথা অজুন বঁটা প্ৰাপক লাভলীনা বৰগোঁহাই লৈ অসম সমন্বয় বঁটা ২০২৫ আগবঢ়োৱা হয় ৷ বৃহত্তৰ শিমলুগুৰি আঞ্চলিক বহাগী বিদায় উৎসৱত এই বঁটা প্ৰদান কৰা হৈছে ৷ যোৱাকালি বৃহস্পতিবাৰে নিশা শিমলুগুৰিত লাভলীনা বৰগোঁহাই লৈ অসম সমন্বয় বঁটা ২০২৫ বঁটা প্ৰদান কৰা হয়৷
বৃহত্তৰ শিমলুগুৰি আঞ্চলিক বহাগী বিদায় উৎসৱ উদযাপন সমিতিয়ে প্ৰদান কৰে এই বঁটা । ৭মে’ আৰু ৮ মে’ দুদিনীয়াকৈ অনুষ্ঠিত বৃহত্তৰ শিমলুগুৰি আঞ্চলিক বহাগী বিদায় উৎসৱত লাভলীনা বৰগোঁহাই লৈ অসম সমন্বয় বঁটা ২০২৫ প্ৰদান কৰে বৃহত্তৰ শিমলুগুৰি আঞ্চলিক বহাগী বিদায় উৎসৱ উদযাপন সমিতিয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ