গুৱাহাটী, ০৮ মে' (হি.স.)।
গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত অধিবক্তা পৰিষদৰ গুৱাহাটী উচ্চ ন্যায়াল়য় শাখাৰ উদ্যোগত আজি অহিল্যবাই হালকাৰৰ জীৱনীৰ ভিত্তিত মহিলা সবলীকৰণৰ শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত হয় । উক্ত আলোচনাচক্ৰত মুখ্য বক্তা হিচাপে উপস্হিত থাকি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৰ বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন (judicial studies) ৰ প্ৰবক্তা ড: প্ৰীতি ৰেখা শইকীয়াই আহিল্যবাইৰ ত্যাগ আৰু দেশৰ প্ৰতি থকা কৰ্তব্য নিষ্ঠা আৰু অধিকাৰৰ বিষয়ত বিশদ বিৱৰণ দাঙি ধৰে ।
আলোচনা চক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড: পল্লবী দেৱী আৰু মাজদুৰ সংঘৰ ৰাজ্যিক সভাপতি দীপা ভৰালী সন্মানীয় অতিথি হিচপে উপস্থিত থাকে । প্ৰায় শতাধিক অধিবক্তাই অংশগ্ৰহণ কৰা আলোচনাচক্ৰত অধিবক্তা পৰিষদৰ নলেজ কলেক্টিভ আয়ামৰ সম্পাদিকা ড: তৃষ্ণা হাজৰিকাই ধন্যবাদ জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায় ।
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া