কাৰ্বি আংলং, ০৮ মে' (হি.স.): বকুলগুৰি কৃষক পুথিভঁৰালৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো অহা ৯ মে’ত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটো উদযাপনৰ বাবে দিহা কৰা হৈছে ৷ কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৭ বজাত বিহু পতাকা উত্তোলন কৰিব বাপতি সাহোন ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি মনো শইকীয়াই ৷
পতাকা উত্তোলনস্হলীত বিশিষ্ট ব্যক্তি মিনাৰাম বৰা আৰু শ্ৰীকান্ত বৰা দ্বয়ে ভাষণ প্ৰদান কৰিব ৷ পুৱা ৭—৩০ বজাত শ্বহীদ তৰ্পণ কৰিব ৰত্নেশ্বৰ বৰাই ৷ বিয়লি ৪ বজাত মুকলি সভা এখন অনুষ্ঠিত কৰা হ’ব ৷ এই সভাতে বাপতি সাহোন ৰঙালী বিহু উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বিজয়ী হোৱা প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হ’ব ৷
বিয়লি ৬ বজাত মঞ্চ মুকলি কৰিব বকুলগুৰি নৱজ্যোতি বিহুৱা দলে ৷ নিশা ৯ বজাত লয়লাস শীৰ্ষক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷ সেয়েহে ইচ্ছুক প্ৰতিযোগী সকলক আগতীয়াকৈ ৭০০২৫৭৪৮৭২ , ৭৩৯৯৩২৯৯৬২ আৰু ৯৯৫৭২৮৩৭৭১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ