শিৱসাগৰ, ০৯ মে (হি.স.)। দ্বিতীয় দিনাই বাতিল শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলন। দেশত যুদ্ধৰ পৰিৱেশ। শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী বাতিল। মুখ্যমন্ত্রীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই পদক্ষেপ গ্রহণ কৰিলে উদযাপন সমিতিয়ে।
৮ তাৰিখৰ পৰা আৰম্ভ হোৱা এই সন্মিলন ১০ তাৰিখলৈকে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দ্বিতীয় দিনাই অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সমিতিয়ে। তাৰোপৰি ২ লাখ ১১ হাজাৰ টকা ভাৰতীয় সামৰিক পুঁজিলৈ জিলা আয়ুক্তৰ জৰিয়তে আগবঢ়াব উদযাপন সমিতিয়ে। সদস্য বৰঙণিৰ পৰা আগবঢ়োৱা হ'ব এই পুঁজি।
বিহুতলীত উপস্থিত হোৱা জেংবিহু দল, হুঁচৰি দল, বিহুনাচ বিহুৱতী প্ৰতিযোগিতাৰ প্ৰতিযোগী সকলৰ যাতায়ত ব্যয় বহন কৰাৰো সিদ্ধান্ত উদযাপন সমিতিৰ। দিনত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু কুইজ প্ৰতিযোগিতা অন্ত পৰাৰ লগে লগে সংবাদ মেলযোগে অনুষ্ঠান বাতিল কৰাৰ কথা ঘোষণা উদযাপন সমিতিৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা