নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান
নলবাৰী, ০৯ মে' (হি.স.)। আজি দ্বিতীয় বৰ্ষত ভৰি দিলে নলবাৰী চিকিৎসা মহাবিদ্যালয়ে। উদযাপিত হল নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান। অনুষ্ঠানত অংশ লয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।নলবাৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ নলবাৰী চিকিৎসা ম
নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান


নলবাৰী, ০৯ মে' (হি.স.)। আজি দ্বিতীয় বৰ্ষত ভৰি দিলে নলবাৰী চিকিৎসা মহাবিদ্যালয়ে। উদযাপিত হল নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান। অনুষ্ঠানত অংশ লয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।নলবাৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত থকা অভাৱ তথা সমস্যাবোৰ সমাধান কৰিবলৈ আগন্তুক দিনত প্ৰয়াস কৰা হৱ বুলি মন্তব্য প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই।

ইপিনে ভাৰত পাকিস্তানৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপনকৰা নহয় বুলি মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে এই সময়ত যি কোনো উদযাপনৰ পৰা বিৰত থকা উচিত। সেনাবাহিনীৰ মনোবল বৃদ্ধি কৰাত সহায় কৰিব লাগে বুলি মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে অপাৰেশ্বন সিন্দুৰে আমাক সকলোকে গৌৰৱান্বিত কৰিছে ৷ বিহুৰ অনুষ্ঠান এই সময়ত পাতিলে ৰাইজে বেয়া পাব বুলিও মন্তব্য প্ৰকাশ জয়ন্ত মল্ল বৰুৱাৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande