গোলাঘাট, ০৯ মে (হি.স.)। আৰম্ভ হ'ল ভাৰত পাকিস্থানৰ যুদ্ধ ৷ যুদ্ধ ঘোষণাৰ পিছতে মিলিত হ'ল বোকাখাতৰ প্ৰাক্তন সৈনিক সকল ৷ ব্যক্ত কৰিলে যুদ্ধ সময়ৰ বিভিন্ন অভিজ্ঞতাৰ কথা ৷ বৰ্তমান ভাৰত পাকিস্থানৰ যুদ্ধৰ বতৰা শুনি প্ৰাক্তন সৈনিক সকলৰ গা পিৰপিৰণি উঠিছে ৷
ভাৰত চৰকাৰে যুদ্ধৰ বাবে প্ৰাক্তন সৈনিকক বিচাৰিলে যাবলৈ সাজু বুলি ব্যক্ত কৰিলে বোকাখাতৰ এইসকল প্ৰাক্তন সৈনিকে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা