দক্ষিণ শালমাৰা, ০৯ মে (হি.স.)। পাকিস্তান মুৰ্দাবাদ ইণ্ডিয়ান আৰ্মি জিন্দাবাদ ধ্বনিৰে উত্তাল হাটশিঙিমাৰী। পাকিস্তানে সন্ত্ৰাসবাদীৰ সমৰ্থনত ভাৰতৰ বিভিন্ন স্থানত চলোৱা আক্ৰমণ চলোৱাৰ বিৰোধিতাৰে হাটশিঙিমাৰীত জিলাবাসী ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে পাকিস্তানী সন্ত্ৰাসবাদীয়ে পেহেলগামত চলোৱা অমানৱীয় হত্যাকাণ্ড চলোৱাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাই পাকিস্তানৰ ১০০ কিঃমিঃ ভিতৰত সোমাই ৯ টা কৈ সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰাৰ পিছতে পুনৰ পাকিস্তানে সন্ত্ৰাসবাদীৰ সমৰ্থনত জম্মু কাশ্মীৰৰ বিভিন্ন স্থানত আক্ৰমণ চলাইছিল যদিও ভাৰতীয় সেনাই পাকিস্তানৰ আক্ৰমণক বিফল কৰিছে ৷
ইফালে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তত বিএছএফ আৰু প্ৰশাসন সষ্টম হৈ আছে ৷ ভাৰত চৰকাৰৰ সিদ্ধান্তক হাটশিঙিমাৰীবাসী ৰাইজে সমৰ্থন জনাই এনেদৰে ভাৰতীয় সেনাক ধন্যবাদ দিয়া পৰিলক্ষিত হয় ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা