গুৱাহাটী, ৩১ মে' (হি.স.)। গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ সমস্যাই জুৰুলা কৰি থকাৰ মাজতে মহানগৰীৰ ভূতনাথত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। হাতুৰীৰে কোবাই কোবাই এজন লোকক হত্যা কৰাৰ সন্দেহ কৰা হৈছে।
ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ ভৰলুমুখ আৰক্ষী থানাৰ আৰক্ষী প্ৰাথমিক তদন্তৰ অন্তত সংবাদ মাধ্যমক এইদৰে উল্লেখ কৰে। হত্য়াকাণ্ডৰ হোৱা লোকজনক সুনীল শ্বাহ বুলি চিনাক্ত কৰা হৈছে।
পেচাত লোকজন এগৰাকী ইলেকট্ৰিচিয়ান আছিল। মৃতদেহটোৰ কাষত উদ্ধাৰ হৈছে সুৰাৰ বটল আৰু হাতুৰী। হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ