দক্ষিণ শালমাৰা মানকাচৰ, ৩১ মে’ (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী কলেজ নগৰত নিশা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত খাৰুৱা বান্ধা আৰক্ষীৰ এটা দলে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীৰ অভিযানত ২৫ টা প্লাষ্টিকৰ কন্টেইনাৰ ভৰ্ত্তি হেৰ'ইন জব্দ কৰাৰ লগতে আটক কৰে এগৰাকী অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক ।
উল্লেখ্য যে অভিযুক্ত বাইক চালক গৰাকীক আৰক্ষীয়ে তালাচী চলোৱাৰ সময়ত চালকজনৰ হেলমেটৰ পৰা ২৫ টা হেৰ'ইন ভৰ্ত্তি প্লাষ্টিকৰ কন্টেইনাৰ, এখন আপাচী বাইক আৰু এখন মোৱাইল ফোন জব্দ কৰাৰ লগতে অভিযূক্ত বাইক চালক গৰাকীক আটক কৰে।
আটকাধীন বাইক চালক গৰাকী মেঘালয়ৰ শিলকাটাৰ সহিদুৰ ৰহমানৰ পুত্ৰ ছাপিকুল ইছলাম (২৮) বুলি জানিব পৰা গৈছে।
সম্প্ৰতি আটকাধীন চালক জনক খাৰুৱা বান্ধা আৰক্ষী চকীলৈ নি অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা