গুৱাহাটী মহানগৰীৰ দাতালপাৰা, মালিগাওঁ, চপাইদঙত সংঘটিত ভূমিস্খলনত ৫জন নিহত, আহত দুজন
গুৱাহাটী, ৩১ মে’ (হি.স.)। নেৰা নেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ দাতালপাৰা অঞ্চলত শনিবাৰে পুৱা হোৱা ভূমিস্খলনৰ ফলত ঘৰৰ ওপৰত সীমাত থকা পকি বেৰ খহি পৰাত এজন ১০ বছৰীয়া কিশোৰে প্ৰাণ হেৰুৱাইছে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে অৱগত কৰা অনুসৰি নেৰানেপেৰা ব
গুৱাহাটী মহানগৰীৰ দাতালপাৰা, মালিগাওঁ, চপাইদঙত সংঘটিত ভূমিস্খলনত ৫জন নিহত, আহত দুজন


গুৱাহাটী, ৩১ মে’ (হি.স.)। নেৰা নেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ দাতালপাৰা অঞ্চলত শনিবাৰে পুৱা হোৱা ভূমিস্খলনৰ ফলত ঘৰৰ ওপৰত সীমাত থকা পকি বেৰ খহি পৰাত এজন ১০ বছৰীয়া কিশোৰে প্ৰাণ হেৰুৱাইছে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে অৱগত কৰা অনুসৰি নেৰানেপেৰা বৰষুণৰ ফলত দুৰ্বল হৈ পৰা বেৰখন ঘৰটোৰ ওপৰত খহি পৰাৰ সময়ত ঘৰটোৰ ভিতৰত ল’ৰাটো, মাক আৰু সৰু ভনীয়েক আছিল ।

প্ৰাপ্ত তথ্য়মতে দীপজ্যোতি বড়ো নামৰ কিশোৰজনে পঢ়া-শুনা কৰি থকাৰ সময়তে পকী বেৰ খনে ঘৰটো হেঁচা মাৰি ধৰে। ফলত থিতাতে তেওঁৰ মৃত্যু হয়। তেওঁৰ ভগ্নী কনিয়া বড়ো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসালয়ত জীৱন মৃত্য়ুৰ সৈতে যুঁজ দি আছে। তেওঁলোকৰ মাতৃ নমিতা বড়োও চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

ভাঙি পৰা পকীবেৰ খন প্ৰতিবেশী এজনৰ আছিল । হঠাৎ হোৱা দুৰ্ঘটনাটোৰ ফলত অঞ্চলটোৰ সমগ্ৰ চুবুৰীটোক স্তম্ভিত কৰি তুলিছে। ইয়াৰ পূৰ্বে পিতৃক হেৰুৱাই ইতিমধ্যে সংগ্ৰাম কৰি থকা পৰিয়ালটোৱে বৰ্তমান আন এক ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছে।

দুৰ্ঘটনাটোৰ ফলত তেওঁলোকৰ ঘৰটো সম্পূৰ্ণৰূপে ধ্বংস হৈছে, । তেওঁলোকৰ ঘৰখনৰ সকলো বস্তু খহি পৰা পকী বেৰ খনে পুতি পেলাইছে, ফলত তেওঁলোকৰ একোৱেই নোহোৱা হৈ পৰিছে।

ইফালে মালিগাওঁ স্বাগত চিকিৎসালয়ৰ সমীপত সংঘটিত আন এক ভূমিস্খলনৰ ঘটনাত ৰবীন দাস নামৰ এগৰাকী ব্যক্তি নিহত হয়।

একেদৰে মহানগৰীৰ বোন্দা চপাইদঙত সংঘটিত আন এক ভুমিস্খলনৰ ঘটনাত যোৱাকালি মহিলা সহ দুগৰাকী শিশুৰ প্ৰাণহানি হয় বুলি জানিব পৰা গৈছে। নিহত মহিলা গৰাকীক পুনম গোস্বামী আৰু দুগৰাকী শিশুৰ এগৰাকী ৫ বছৰ আৰু আনগৰাকী ৪ বছৰীয়া বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande