উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে'ল সেৱাত চলাচলৰ সময়সীমা বৃদ্ধি
গুৱাহাটী, ৩১ মে’(হি.স.)। ৰেলযাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে'ল সেৱাৰ চলাচলৰ সময়সীমা সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, অৰ্থাৎ ৰে'ল নং. ০৭৩২৫/০৭৩২৬ (এছএছএছ হুব্বালি জংচন - কাটিহাৰ - এছএছএছ হুব্বালি জংচন)
ভাৰতীয় ৰেল


গুৱাহাটী, ৩১ মে’(হি.স.)। ৰেলযাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে'ল সেৱাৰ চলাচলৰ সময়সীমা সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, অৰ্থাৎ ৰে'ল নং. ০৭৩২৫/০৭৩২৬ (এছএছএছ হুব্বালি জংচন - কাটিহাৰ - এছএছএছ হুব্বালি জংচন) আৰু ৰে'ল নং. ০৬৫৫৯/০৬৫৬০ (এছএমভিটি বেঙ্গালুৰু - নাৰেংঙ্গী - এছএমভিটি বেঙ্গালুৰু) উভয় দিশত যথাক্ৰমে ০৪ টা আৰু ০৫ টাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব। এই ৰে'লসমূহ বিদ্যমান সময়সূচী, গঠন আৰু ষ্টপেজৰ সৈতে চলাচল কৰিব।

ৰে'ল নং ০৭৩২৫ (এছএছএছ হুব্বাল্লি জংচন - কাটিহাৰ) গ্ৰীষ্মকালীন বিশেষ ২৮ মে’, ২০২৫ তাৰিখৰ পৰা ১৮ জুন ২০২৫ তাৰিখ পৰ্যন্ত প্ৰতি বুধবাৰে ১৫:১৫ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ১৪:০০ বজাত কাটিহাৰত গৈ উপস্থিত হ'ব। উভতনি যাত্ৰাৰ দিশত, ৰে'ল নং ০৭৩২৬ (কাটিহাৰ - এছএছএছ হুব্বাল্লি জংচন) গ্ৰীষ্মকালীন বিশেষ ৩১ মে' ২০২৫ তাৰিখৰ পৰা ২১ জুন ২০২৫ তাৰিখ পৰ্যন্ত প্ৰতি শনিবাৰে ১৪:৩০ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ১০:৫০ বজাত এছএছএছ হুব্বালিত গৈ উপস্থিত হ'ব।

ৰে'ল নং. ০৬৫৫৯ (এছএমভিটি বেঙ্গালুৰু-নাৰেঙ্গী) গ্ৰীষ্মকালীন বিশেষ ২৭ মে’ ২০২৫ তাৰিখৰ পৰা ২৪ জুন ২০২৫ তাৰিখ পৰ্যন্ত প্ৰতি মঙ্গলবাৰে ২৩:৪০ বজাত এছএমভিটি বেঙ্গালুৰুৰ পৰা প্ৰস্থান কৰি যাত্ৰাৰ চাৰিদিন পিছত ০৫:০০ বজাত গন্তব্যস্থান নাৰেঙ্গীত গৈ উপস্থিত হ'ব। উভতনি যাত্ৰাৰ দিশত ৰে'ল নং ০৬৫৬০ (নাৰেঙ্গী – এছএমভিটি বেঙ্গালুৰু) গ্ৰীষ্মকালীন বিশেষ ৩১ মে’ ২০২৫ তাৰিখৰ পৰা ২৮ জুন ২০২৫ তাৰিখ পৰ্যন্ত প্ৰতি শনিবাৰে ০৫:৩০ বজাত নাৰেঙ্গীৰ পৰা প্ৰস্থান কৰি যাত্ৰাৰ তিনিদিন পিছত ০৯:৪৫ বজাত গন্তব্য স্থান এছএমভিটি বেঙ্গালুৰুত গৈ উপস্থিত হ'ব।

উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই আজি এক প্ৰেছ বিবৃতি যোগে এই কথা সদৰী কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande