গুৱাহাটী, ৩১ মে' (হি.স.)। ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিৱেশৰ মাজতে অসম আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত উচতনিমূলক পোষ্ট দিয়াৰ অভিযোগত অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই পদক্ষেপত পাকিস্তানৰ সমৰ্থকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৭৯ জন লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে শত্রু দেশক সহানুভূতিশীল আৰু সমর্থন দিয়াৰ দৰে দেশদ্ৰোহীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান চলি আছে৷
ইয়াৰ মাজতে দৰং আৰক্ষীয়ে জিলা সদৰ চহৰ মঙলদৈৰ পৰা ফৰিজুল হক নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে অভিযুক্তক। এই পৰ্যন্ত আৰক্ষীয়ে এই গোচৰত মুঠ ৭৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া