বাক্সা,৩১ মে (হি.স.)। বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৃত্ৰিম বানপানী । বিগত দুদিন ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলত বানত বুৰিল ঐতিহ্যমণ্ডিত বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় ।
প্ৰতিবছৰে বাৰিষা হ'লেই পানীৰ মাজেৰেই অহা যোৱা কৰে ছাত্ৰ ছাত্ৰীয়ে । বিদ্যালয় খনৰ পৰা পানী ওলাই যাব নোৱাৰাৰ বাবেই এইধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয় বিদ্যালয় খনত । এইবাৰ বিদ্যালয়ৰ সন্মুখেৰে নলা নিৰ্মাণ কৰিছে যদিও কোনো সুফল নাপালে বিদ্যালয় খনে । ফলত পানীৰ মাজেৰেই আহ যাহ কৰি অস্বাস্থ্যকৰ পৰিৱেশত শিক্ষাগ্ৰহণ অব্যাহত ৰাখিছে ছাত্ৰ ছাত্ৰীয়ে ।
অৱশ্যে চৰকাৰে উত্তৰ পূৰ্বাঞ্চল বিশেষ আন্ত:গাঠনি উন্নয়ন আঁচনি ৬৫ ৰ অধীনত ২০২৪ চনৰ মাৰ্চ মাহত সাত কোটি টকাৰ এটি বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল অসমৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই। কিন্তু আজি পৰ্যন্ত কাম আগনাবাঢ়িল বিদ্যালয় খনৰ যাৰ বাবে কদৰ্যময় পৰিৱেশত পাঠগ্ৰহণ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা